ভুৱনেশ্বৰ, ১৬ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰাজ্যৰ মুখ্যমন্ত্ৰী নবীন পাটনাইকক জন্মদিনৰ শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি লিখিছে যে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক তেওঁৰ জন্মদিনত অভিনন্দন। তেখেতৰ দীৰ্ঘ আৰু শান্তিপূৰ্ণ জীৱন কামনা কৰিলোঁ।
একেদৰে কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনাইকক জন্মদিনৰ শুভেচ্ছা জনাইছে। মহাপ্ৰভুৰ ওচৰত তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনাইছো।
হিন্দুস্থান সমাচাৰ/সমন্বয়/মনোজ/অৰবিন্দ
