নতুন দিল্লী, ১০ জানুৱাৰী (হি.স.)। দেশত অব্যাহত আছে নতুনকৈ কৰ’নাত আক্ৰান্তৰ ধাৰা। স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে সদৰি কৰামতে, যোৱা ২৪ ঘন্টাত নতুনকৈ ৬০৫ জন ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ০৪ জন ৰোগীৰ ইয়াৰ ফলত মৃত্যু হৈছে। ইয়াৰ লগে লগে ৮৭৭ জন ৰোগী সুস্থ হৈ উঠিছে। বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ৩,৬৪৩ লৈ বৃদ্ধি পাইছে।
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বেছিভাগ ঘটনা কেৰালা আৰু কৰ্ণাটকত প্ৰতিবেদিত হৈছে। যোৱা ২৪ ঘণ্টাত, এই দুখন ৰাজ্যত ২-২ জন ৰোগীৰ মৃত্যু হৈছে।
উল্লেখযোগ্য যে মঙলবাৰে কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলটো কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাতো স্পষ্ট হৈছিল।
হিন্দুস্থান সমাচাৰ/ বিজয়লক্ষ্মী/অৰৱিন্দ/মনোজ
