• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ত কয়, ফিটনেছৰ সংকল্পৰে আৰম্ভ কৰক নতুন বছৰটো
National

প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ত কয়, ফিটনেছৰ সংকল্পৰে আৰম্ভ কৰক নতুন বছৰটো

CliQ INDIA
Last updated: January 1, 2024 1:00 am
CliQ INDIA
Share
4 Min Read
SHARE

নতুন দিল্লী, ৩১ ডিছেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ত দেশবাসীক ২০২৪ বৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে এই বছৰত ফিটনেছৰ সৈতে জড়িত সংকল্প ল’বলৈও আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ অভিষেক (প্ৰাণ প্ৰতিষ্ঠা)ৰ পৰিপ্ৰেক্ষিতত শ্ৰী ৰাম ভজন হেচটেগেৰে ছ’চিয়েল মিডিয়াত গীত, ভজন আৰু কবিতা শ্বেয়াৰ কৰিবলৈ কয়।

প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ৰ ১০৮ সংখ্যক খণ্ডত দেশবাসীক নৱবৰ্ষৰ বাবে শুভেচ্ছা জনায়। তেওঁ কয় যে জপমালাৰ এশ আঠটি গুটিৰ দৰে এই খণ্ডটোৰো তেওঁৰ বাবে বিশেষ তাৎপৰ্য আছে। তেওঁ কয়, ‘ভাৰত আত্মবিশ্বাসেৰে ভৰপূৰ, উন্নত ভাৰতৰ মনোভাৱ আৰু আত্মনিৰ্ভৰশীলতাৰ অনুভূতিৰে ৰঞ্জিত। ২০২৪ চনতো আমি একে মনোভাৱ আৰু গতিবেগ বজাই ৰাখিব লাগিব।”

এই খণ্ডত তেওঁ ‘ফিট ইণ্ডিয়া’ অভিযান সন্দৰ্ভত দেশবাসীৰ পৰা পোৱা বাৰ্তাসমূহ শ্বেয়াৰ কৰে। এই ক্ৰমত তেওঁ আধ্যাত্মিক গুৰু জগী বাসুদেৱ, মহিলা ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰ, দবা খেলুৱৈ বিশ্বনাথন আনন্দ, চলচ্চিত্ৰ অভিনেতা অক্ষয় কুমাৰৰ পৰা লাভ কৰা বাৰ্তাসমূহ বৰ্ণনা কৰে।

আধ্যাত্মিক গুৰু জগী বাসুদেৱে মানসিক স্বাস্থ্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে আমাৰ জীৱনত শান্তি, সুখ আৰু সন্তুষ্টিৰ অতি গুৰুত্ব আছে। ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে খাদ্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি খাদ্যত গোটা শস্য অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। গ্ৰেণ্ড মাষ্টৰ বিশ্বনাথন আনন্দই নিশাৰ ভাল টোপনি স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। ভাল টোপনিৰ ফলত হেঁচাত সিদ্ধান্ত লোৱাত সহজ হয় আৰু আৱেগ নিয়ন্ত্ৰণত থাকে।

চলচ্চিত্ৰ অভিনেতা অক্ষয় কুমাৰে ‘ফিল্টাৰ লাইফ’ৰ পৰিৱৰ্তে ‘ফিট লাইফ’ গ্ৰহণ কৰাৰ মন্ত্ৰ দিছিল। বিশেষকৈ তেওঁ যুৱক-যুৱতীসকলক চলচ্চিত্ৰ অভিনেতাৰ অনুকৰণ কৰি ষ্টেৰইড ব্যৱহাৰ নকৰিবলৈ কয়। ব্যয়বহুল জিম প্ৰশিক্ষণৰ পৰিৱৰ্তে জীৱনত বাহিৰৰ কাম-কাজ অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। বিশুদ্ধ দেশী ঘিউ খাওক, ই মেদবহুলতা সৃষ্টি নকৰে কিন্তু সুস্বাস্থ্য দিয়ে। তেওঁ কয়, ‘ফিটনেছ এক প্ৰকাৰৰ তপস্যা, ই ইনষ্টেণ্ট কফি বা ২ মিনিটৰ নুডলছ নহয়, নতুন বছৰত নিজকে প্ৰতিশ্ৰুতি দিয়ক কোনো ৰাসায়নিক পদাৰ্থ নাই কোনো চৰ্টকাট, ব্যায়াম, যোগাসন, ভাল খাদ্য, সময়মতে শুব, কিছু ধ্যান আৰু আপুনি যি ধৰণৰ তাক আনন্দৰে গ্ৰহণ কৰক।”

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কাৰ্যসূচীত বেংগালুৰুৰ ফিটনেছ প্ৰশিক্ষক ঋষভ মালহোত্ৰাৰ কথা কয়, যিয়ে ভাৰতৰ পৰম্পৰাগত পদ্ধতিৰ সৈতে জড়িত ‘গদা ব্যায়াম’ক নিয়মীয়া ব্যায়ামৰ অংশ হিচাপে গঢ়ি তোলাৰ সৈতে জড়িত এটা ষ্টাৰ্টআপ আৰম্ভ কৰিছে।

অহা ২২ জানুৱাৰীত অযোধ্যাত আয়োজিত অভিষেক অনুষ্ঠানৰ কাৰ্যসূচীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাইজৰ মাজত ইয়াক লৈ আনন্দ আৰু উৎসাহ আছে। ইয়াৰ বাবে মানুহে গীত, ভজন আৰু কবিতা ৰচনা কৰিছে, যাৰ কিছুমান তেওঁলোকে নিজেও শ্বেয়াৰ কৰিছে। এই সকলোবোৰ একত্ৰিত কৰিবলৈ তেওঁ শ্ৰী ৰাম ভজন হেচটেগেৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ আহ্বান জনায়।

মাতৃভাষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাষা কোনো শিশুৰ স্কুলীয়া শিক্ষাত বাধা হোৱা উচিত নহয়। তেওঁ কাশী তামিল সংগমমত এ আই সঁজুলিৰ জৰিয়তে হিন্দীৰ পৰা তামিললৈ বাস্তৱ সময়ৰ অনুবাদৰ উদাহৰণ দিছিল। ঝাৰখণ্ডৰ এখন জনজাতীয় গাঁৱত শিশুসকলক মাতৃভাষাত শিক্ষা প্ৰদানৰ অনন্য পদক্ষেপৰ বিষয়েও তেওঁ অৱগত কৰে। তেওঁ কয় যে কুদুখ ওৰাও জনজাতি জনগোষ্ঠীৰ মাতৃভাষা। ইয়াৰ লিপি টোলাং ছিকি। এই ভাষা ক্ৰমান্বয়ে বিলুপ্ত হৈ আহিছিল। ইয়াক বচাবলৈ অৰবিন্দ ওৰাওনে গড়োৱা জিলাৰ মঙলুৱা গাঁৱৰ ল’ৰা-ছোৱালীক কুদুখত শিক্ষা দিবলৈ আৰম্ভ কৰিলে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কাৰ্যসূচীত সমাজ সংস্কাৰক সাবিত্ৰীবাই ফুলে আৰু বিদেশীক প্ৰত্যাহ্বান জনোৱা ৰাণী ভেলু নাচিয়াৰক স্মৰণ কৰে। অহা ৩ জানুৱাৰীত দুয়োৰে জন্ম বাৰ্ষিকী আহি আছে। এই মহান কন্যাসকলৰ পৰা দেশে প্ৰেৰণা ল’ব লাগে বুলিও তেওঁ কয়।

গুজৰাটৰ দায়ৰা পৰম্পৰাৰ বিষয়েও কয় প্ৰধানমন্ত্ৰীয়ে। ইয়াত পৰম্পৰাগত সংগীত, সাহিত্য আৰু হাস্যৰসময়ী মনোৰঞ্জন ব্যৱহাৰ কৰি জ্ঞান বৃদ্ধি কৰা হয়। ইয়াৰ সৈতে জড়িত শিল্পী জগদীশ ত্ৰিবেদীৰ সংকল্পৰ বিষয়ে তেওঁ অৱগত কৰে। যিজনে ৫০ বছৰ বয়সৰ পিছত নিজৰ উপাৰ্জন সমাজ সেৱাত বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ পৰা এখন কিতাপও লাভ কৰিছে য’ত তেওঁৰ আয়-ব্যয়ৰ হিচাপ আছে।

হিন্দুস্থান সমাচাৰ/অনুপ/মনোজ

You Might Also Like

ইনাৰ মণিপুৰ লোকসভা আসনত থাউনাওজাম বসন্ত কুমাৰ সিং বিজেপিৰ প্ৰাৰ্থী
বিশেষজ্ঞসকলে ডলাৰৰ বিপৰীতে ৰুপীৰ মূল্য ১০০লৈ হ্ৰাস পোৱাৰ আশংকা নস্যাৎ কৰিছে।
পৰীক্ষাত অনিয়ম ৰোধ কৰিবলৈ লোকসভাত বিধেয়ক উত্থাপন
যুৱ শক্তিৰ দেশ ভাৰত শীঘ্ৰেই অৰ্থনৈতিক আৰু সামৰিক দিশত উচ্চতম স্থানলৈ উন্নীত হ’ব–তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্ত্তনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
আজি মুম্বাইৰ চাৰ্চ গেটৰ সমীপত অমিত শ্বাহে স্থাপন কৰিব মহাৰাষ্ট্ৰ বিজেপি কাৰ্যালয়ৰ আধাৰশিলা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইজৰাইল-হামাছ যুদ্ধৰ ফলত স্থবিৰ কলম্বিয়া বিশ্ববিদ্যালয়
Next Article শিমলুগুৰি আৰক্ষীৰ অভিযানত বহিঃৰাজ্যৰ পৰা উদ্ধাৰ চুৰি হোৱা বাইক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?