-লোকসভাৰ বাবে তিনিটা নামৰ ষষ্ঠ তালিকা প্ৰকাশ বিজেপিৰ
নতুন দিল্লী, । ভাৰতীয় জনতা পাৰ্টিয়ে মঙলবাৰে লোকসভা নিৰ্বাচনৰ বাবে ষষ্ঠখন তালিকা প্ৰকাশ কৰে। ইয়াত ৰাজস্থানৰ দুটা আৰু এটা মণিপুৰৰ সমষ্টি সন্নিবিষ্ট কৰা হৈছে।
ৰাজস্থানৰ দৌছা লোকসভা আসনৰ পৰা কানহাইয়া লাল মীনা আৰু কৰৌলী-দলপুৰ আসনৰ পৰা ইন্দু দেৱীক প্ৰক্ষেপ কৰিছে দলটোৱে।
ইফালে থাউনাওজাম বসন্ত কুমাৰ সিঙে ইনাৰ মণিপুৰৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।
কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ টিকট কৰ্তন কৰিলে দলটোৱে। তেওঁৰ ঠাইত মণিপুৰ চৰকাৰৰ এজন মন্ত্ৰীক দিয়া হৈছে টিকট।
আনহাতে, ৰাজস্থানৰ পৰা বৰ্তমানৰ সাংসদ মনোজ ৰাজোৰিয়া আৰু জছকৌৰ মীনাৰ দুয়োগৰাকী সাংসদক দলে টিকট প্ৰদান কৰে।
বিজেপিয়ে এই পৰ্যন্ত ৫৪৩খন আসনৰ ভিতৰত ৪০১খন আসনত প্ৰাৰ্থী ঘোষণা কৰিছে।
