ইম্ফল, ০২ জুলাই (হি.স.)। মণিপুৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ৩০ জুন আৰু ১ জুলাইত কেইবাখনো জিলাত চোৰাংচোৱা ভিত্তিক অভিযান চলাই নিষিদ্ধ সংগঠনৰ শীৰ্ষ নেতাকে ধৰি পাঁচজন উগ্ৰপন্থীক যৌথভাৱে গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ মতে, যোৱা ১ জুলাইত ইম্ফল পশ্চিমৰ কেকৰুপাটৰ সমীপত জেডইউএফ (জে)ৰ স্বয়ম্ভু উপ-মুখ্য নামগক্লুং কামেই ওৰফে নৱেম্বৰ (৪২)ক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ পৰা এটা ৯ এম এম পিষ্টল, ১০টা লাইভ কাৰ্টিজ আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰে। সেইদিনা ইম্ফল ইষ্টৰ আৰক্ষীয়ে কে ৱাই কে এল (সোৰেপা)ৰ মুটুম ইবোহানাবি সিং (৪৯)ক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা উদ্ধাৰ হৈছে এটা মোবাইল ফোন। ইয়াৰ উপৰিও পোৰোমপাট থানা এলেকাৰ অন্তৰ্গত খুৰাই চৈথাবী লেইৰাকৰ পৰা কেচিপিৰ কেডাৰ মহম্মদ আজাদ খান ওৰফে কাথোকপা (২৯)ক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ ওচৰতে উদ্ধাৰ হৈছে এটা মোবাইল ফোন।
আৰক্ষীয়ে জনোৱা মতে, খুৰাই কংখাম লেইকাইৰ পৰা কেচিপি (আপুনবা)ৰ সৈতে জড়িত খুলেম তুলাজিত মেইটেই ওৰফে তুলেন (২১)ক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ পৰা জব্দ কৰে এটা মোবাইল ফোন। ৩০ জুনত ইৰিলবুং থানাৰ অন্তৰ্গত কেৰাও খুনৌৰ পৰা কেচিপি (নয়ন/এমএফএল)ৰ কেডাৰ খোইৰম ইংগোটান সিং ওৰফে টম্বা (৪৮)ক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ পৰা এটা চিংগল বেৰেল গান, দুটা গুলী থকা ৯ মিমি পিষ্টল, মিলিটাৰী গিয়াৰ, বুলেটপ্ৰুফ হেলমেট আৰু জেকেট আৰু ৰেডিঅ’ বেতাঁৰ চেট উদ্ধাৰ কৰা হৈছে।
জিৰিবাম আৰু কাংপকপি জিলাত পৃথকে পৃথকে অভিযান চলাই নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বিশাল ভঁৰাল উদ্ধাৰ কৰে। জিৰিবাম জিলাত (জাইৰ’লপকপিৰ পৰা উচাথোল অঞ্চললৈ) উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে দুটা মডিফাইড .৩০৩ ৰাইফল, ছটা এছ বি বি এল, ৪টা ডি বি বি এল, দুটা ১২ ব’ৰ শ্বটগান, এটা পম্পে গান, এটা কন্দুৱা গেছ গান, ১১ টা টিউব লঞ্চাৰ, ৫ টা চাৰ্জাৰযুক্ত ৱাকি-টকি আৰু ৮টা কন্দুৱা গেছৰ শ্বেল। কাংপকপি জিলাত (নেপালী খুট্টি, কোটলেন) উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে তিনিটা বল্ট-একচন ৰাইফল, চাৰিটা চিংগল-বেৰেল ৰাইফল, দুটা পুল-মেকানিজম ৰাইফল, ছটা ইম্প্ৰভাইজড মৰ্টাৰ, তিনিটা বগা ফছফৰাছ গ্ৰেনেড, তিনিটা নং ৩৬ হেণ্ড গ্ৰেনেড আনুষংগিক সামগ্ৰীৰ সৈতে, দুটা ইউ বি জি এল শ্বেল, ৪৫টা ৰবৰ গুলী, বিভিন্ন ধৰণৰ লাইভ গুলী, খালী কাৰ্টিজ, চাৰিটা টিউব লঞ্চাৰ, এটা কন্দুৱা ধোঁৱাৰ গ্ৰেনেড আৰু দুটা কন্দুৱা গেছৰ খোলা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
