নতুন দিল্লী, ০৯ আগষ্ট (হি.স.)। ভাৰতৰ লজিষ্টিক নেটৱৰ্কৰ ইতিহাসত সংযোজন হৈছে আন এক নতুন অধ্যায়। প্ৰথমবাৰৰ বাবে কাশ্মীৰ উপত্যকাত উত্তৰ ৰেলৱেই এখন মালবাহী ৰে’ল সফলতাৰে পৰিচালিত কৰৰ। এই ৰে’ল খন পঞ্জাৱৰ ৰূপনগৰৰ পৰা চিমেণ্টৰ চালান লৈ পোনপটীয়াকৈ অনন্তনাগৰ নতুনকৈ নিৰ্মাণ কৰা সামগ্ৰীৰ গুডামত উপস্থিত হয়। এই পদক্ষেপ কেৱল অভিযান্ত্ৰিক কৃতিত্বই নহয়, কাশ্মীৰ উপত্যকাক দেশৰ অৰ্থনৈতিক আৰু লজিষ্টিক ব্যৱস্থাৰ সৈতে সংযোগ কৰাৰ দিশতো এক ঐতিহাসিক পদক্ষেপ।
এই প্ৰথমখন মালবাহী ৰে’লত চিমেণ্ট ভৰ্তি হৈছিল ২১ টা বিচিএন ৱেগনত, যিবোৰ গুজৰাট অম্বুজা চিমেণ্ট লিমিটেডৰ ৰূপনগৰ ইউনিটৰ পৰা বোজাই কৰা হৈছিল। এই মালবাহী ৰে’লে ১৮ ঘণ্টাৰো কম সময়ত প্ৰায় ৬০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে, যিটো ভাৰতীয় ৰে’লৱেৰ সময়োপযোগীতা আৰু কাৰ্যকৰী দক্ষতাৰ প্ৰমাণ।
এই চিমেণ্ট উপত্যকাটোত চলি থকা ডাঙৰ ডাঙৰ পথ, দলং, ৰাজহুৱা কাম আৰু গৃহ নিৰ্মাণ প্ৰকল্পত ব্যৱহাৰ কৰা হ’ব। ইয়াৰ ফলত অঞ্চলটোত নিৰ্মাণ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগো বৃদ্ধি পাব।
উত্তৰ ৰে’লৱেৰ তথ্য অনুসৰি এই মালবাহী ৰে’লখনৰ পৰিচালনাৰ পৰিকল্পনা অতি নিখুঁতভাৱে কৰা হৈছিল। ৭ আগষ্টৰ নিশা ১১:১৪ বজাত ইনডেণ্ট লাভ কৰা হৈছিল, আৰু ৮ আগষ্টৰ পুৱা ৯:৪০ বজাত ৰেকৰ ব্যৱস্থা কৰা হৈছিল। সেইদিনা সন্ধিয়া ৬:১০ বজাত লোডিং সম্পূর্ণ হৈ সন্ধিয়া ৬:৫৫ বজাত ৰূপনগৰৰ পৰা মালবাহী ৰে’লখন ৰাওনা হয়৷
ইয়াক ইলেক্ট্ৰিক ইঞ্জিন WAG-9 (লোকো নং ৩২১৭৭, ট্ৰিপ নং ০৮/০৯) দ্বাৰা টানি অনা হৈছিল, যিয়ে ভাৰতীয় ৰে’লৱেৰ আধুনিক প্ৰযুক্তিগত ক্ষমতাক প্ৰতিফলিত কৰে।
উত্তৰ ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া হিমাংশু শেখৰ উপাধ্যায়ে ইয়াক ‘প্ৰগতি আৰু সংহতিৰ শক্তিশালী প্ৰতীক’ বুলি অভিহিত কৰি কয় যে এই মাল ট্ৰেইন কেৱল ৰেক নহয় বৰঞ্চ কাশ্মীৰ উপত্যকাৰ বাবে এক নতুন যুগৰ আৰম্ভণি। ই আঞ্চলিক লজিষ্টিক, বাণিজ্য আৰু নিয়োগৰ বাবে নতুন দুৱাৰ মুকলি কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
