
ধুবুৰী, ১০ আগষ্ট (হি.স.): অবৈধ ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰীৰ হালাকুৰা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ চাৰি সৰবৰাহকাৰী আটক হৈছে । যোৱাকালি শনিবাৰে বিয়লি এক গোপন সূত্ৰৰ আধাৰত হালাকুৰা নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নয়নমণি পাটোৱাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে হালাকুৰা গাঁও পঞ্চায়তৰ সমুখত ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত চলাইছিল অভিযান।
অভিযানত অবৈধ ব্ৰাউন সুগাৰৰ ৭ টাকৈ ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেইনাৰ সহ আটক কৰে চাৰি সৰবৰাহকাৰীক । আটকাধীন কেইজন ক্ৰমে ছাগলীয়া দ্বিতীয় খণ্ডৰ মেহেবুব আলি আহমেদ, ইয়ানুৰ হুছেইন আৰু পোকালাগি পঞ্চম খণ্ডৰ সইদুৰ ৰহমান, মফিদুল হক। সম্প্ৰতি অধিক তথ্যৰ বাবে শোধপোচ অব্যাহত ৰাখিছে হালাকুৰা আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
