কেনবেৰা, ১০ ডিচেম্বৰ (হি.স.)। অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ শিশুৰ বাবে কিছুমান ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰাত নিষেধাজ্ঞা বুধবাৰৰ পৰা কাৰ্যকৰী হয়। ফেচবুক, ইনষ্টাগ্ৰামকে ধৰি এনে দহটা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্লক কৰা হৈছে। ইয়াৰ পূৰ্বে মঙলবাৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে এই নতুন আইনখনৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে ৰাজ্য আৰু স্থানীয় নেতাসকলক ধন্যবাদ জনাই কয় যে ইয়াৰ দ্বাৰা শৈশৱক সুৰক্ষা দিয়া হ’ব। তেওঁ লগতে কয় যে সংস্কাৰৰ ফলপ্ৰসূতা নিশ্চিত কৰিবলৈ অধিক পৰিৱৰ্তনৰ প্ৰয়োজন হ’ব পাৰে।
প্ৰধানমন্ত্ৰী আলবানিজে শিশুৰ ওপৰত ছ’চিয়েল মিডিয়াৰ নেতিবাচক প্ৰভাৱ ৰোধৰ বাবে পদক্ষেপ লোৱাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰি কয় যে ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্য আৰু মানসিক বিকাশত নেতিবাচক প্ৰভাৱ পৰিছে। নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত প্ৰকাশ পোৱা এটা ভিডিঅ’ মেছেজত তেওঁ ইয়াক ঐতিহাসিক বুলি অভিহিত কৰি কয় যে সেইদিনা অষ্ট্ৰেলিয়াৰ পৰিয়ালসমূহে প্ৰযুক্তি কোম্পানীসমূহৰ পৰা একচেটিয়া অধিকাৰ ঘূৰাই লৈ নিজৰ শৈশৱক সুৰক্ষিত কৰি ৰাখিছিল।
২০২৪ চনৰ নৱেম্বৰ মাহত ফেডাৰেল সংসদে গৃহীত কৰা আইন অনুসৰি কিছুমান ছ’চিয়েল মিডিয়া প্লেটফৰ্মে ১৬ বছৰৰ তলৰ শিশুৱে একাউণ্ট সৃষ্টি কৰাত বাধা দিয়াৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। প্ৰথমে নিষিদ্ধ কৰা ১০টা ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ভিতৰত আছে ফেচবুক, ইনষ্টাগ্ৰাম, স্নেপচ্যাট, থ্ৰেডছ, টিকটক, এক্স।প্ৰয়োজন হ’লে নিষিদ্ধ ছ’চিয়েল মিডিয়া চাইটৰ সংখ্যা বৃদ্ধি কৰিব পাৰে।
নিষেধাজ্ঞা উলংঘা কৰাৰ বাবে শিশু বা পিতৃ-মাতৃক কোনো শাস্তি দিয়া নহ’ব। ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে বলবৎকৰণৰ বাবে একমাত্ৰ দায়বদ্ধ হ’ব। এই নিষেধাজ্ঞা উলংঘা কৰিলে ৪৯.৫ মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ (প্ৰায় ২৯৫ কোটি ₹) পৰ্যন্ত জৰিমনা ভৰিব লাগিব।
আইনখন কাৰ্যকৰী কৰাৰ পূৰ্বে চৰকাৰে ইয়াৰ ফলপ্ৰসূতা মূল্যায়নৰ বাবে এক অধ্যয়নৰ দায়িত্ব দিছিল। ১৬ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা অষ্ট্ৰেলিয়াৰ আইনখনে বিশ্বজুৰি দৃষ্টি আকৰ্ষণ কৰিছে। বিশ্বৰ বহু দেশেই এই সমস্যাৰ সৈতে যুঁজি আছে, আৰু অষ্ট্ৰেলিয়াত এই আইন প্ৰৱৰ্তনৰ পিছত নিউজিলেণ্ড আৰু নেদাৰলেণ্ডেও একেধৰণৰ আইন প্ৰৱৰ্তনৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
