আইজল, ০৪ ডিছেম্বৰ (হি.স.) শাসকীয় মিজো নেচনেল ফ্ৰণ্ট (এমএনএফ)ৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী জোৰামথাংগা বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছে। জোৰাম পিপলছ মুভমেণ্ট (জেড পি এম)ৰ লালথানছাংগাই তেওঁক পৰাস্ত কৰে। মিজোৰামৰ নিৰ্বাচনত মূল বিৰোধী দল জেড পি এম য়ে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।
ৰাজ্যৰ বিধানসভা নিৰ্বাচনত জেডপিএমে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। ৰাজ্যৰ ২৭খন মুখ্য আসন দখল কৰিবলৈ সক্ষম হৈছে দলটোৱে। এই নির্বাচনত ৰাজ্যৰ মুখ্যমন্ত্রী তথা এম এন এফৰ মুৰব্বী জোৰামথাংগাই আইজল ইষ্ট-১ বিধানসভাৰ আসনৰ পৰা বিপুল ব্যৱধানত পৰাস্ত হয় ৷ জেড পি এমৰ লালথানছাংগাই তেওঁক পৰাস্ত কৰে।
মন কৰিবলগীয়া যে মিজোৰামৰ নিৰ্বাচনী পৰম্পৰালৈ চাওঁ তেন্তে স্পষ্ট যে বিগত সময়তো ইয়াত মুখ্যমন্ত্ৰীসকলে নিৰ্বাচনত পৰাস্ত হৈ আহিছে। একে সময়তে কোনো দলে ইয়াত পাঁচ বছৰতকৈ অধিক সময় অবিৰতভাৱে শাসন কৰাৰ সুযোগ পোৱা নাই। ২০১৮ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হৈছিল। কংগ্ৰেছক পৰাস্ত কৰি মিজো নেচনেল ফ্ৰণ্টৰ চৰকাৰ গঠন কৰা হৈছিল। ক্ষমতাত থকাৰ পিছতো কংগ্ৰেছ তৃতীয় স্থানলৈ পিছলি গৈছিল। এই নিৰ্বাচনত কংগ্ৰেছ সম্পূৰ্ণৰূপে নিঃশেষ হৈ গৈছে। খ্ৰীষ্টান প্ৰধান ৰাজ্য হোৱাৰ বাবে কংগ্ৰেছে এই ৰাজ্যৰ পৰা বহু আশা কৰিছিল। নিৰ্বাচনত ১০খন আসন লাভ কৰিছে এম এন এফে।
উল্লেখযোগ্য যে যোৱা ৭ নৱেম্বৰত মিজোৰামত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ লগতে আন চাৰিখন ৰাজ্যৰ লগতে দেওবাৰে প্ৰথমে ভোটগণনা কৰাৰ নিৰ্ধাৰিত কৰা হৈছিল। পৰৱৰ্তী সময়ত ৰাজ্যখনৰ খ্ৰীষ্টান প্ৰধান জনসাধাৰণৰ বাবে দেওবাৰৰ বিশেষ তাৎপৰ্যৰ বাবে নিৰ্বাচন আয়োগে গণনা এদিন পিছুৱাই দিয়ে।
হিন্দুস্থান সমাচাৰ/শ্ৰীপ্ৰকাশ/মনোজ/অৰবিন্দ
