শ্ৰীনগৰ, ২২ জুন (হি.স.)। জম্মু–কাশ্মীৰৰ পেহেলগাম আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া দুজন লোকক গ্ৰেপ্তাৰ কৰি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এক বৃহৎ সফলতা অৰ্জন কৰিছে। পেহেলগাম আক্ৰমণত সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰীহ লোকক হত্যা কৰিছিল।
দেওবাৰে সংস্থাটোৱে জনোৱা মতে, বাটকোটৰ পাৰভেজ আহমেদ জোথাৰ আৰু পহলগামৰ হিল পাৰ্কৰ বছিৰ আহমেদ জোথাৰে আক্ৰমণৰ লগত জড়িত তিনিজন অস্ত্ৰধাৰী সন্ত্ৰাসবাদীৰ পৰিচয় প্ৰকাশ কৰিছে। লগতে নিশ্চিত কৰিছে যে আক্ৰমণকাৰীসকল নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (এল ই টি)ৰ সৈতে জড়িত পাকিস্তানী নাগৰিক।
এন আই এয়ে জনোৱা মতে, আক্ৰমণৰ পূৰ্বে পাৰভেজ আৰু বছিৰে ইচ্ছাকৃতভাৱে হিল পাৰ্কৰ এটা ঋতুভিত্তিক ঢোক (জুপুৰি)ত তিনিজন অস্ত্ৰধাৰী সন্ত্ৰাসবাদীক আশ্ৰয় দিছিল। দুয়োজনে সন্ত্ৰাসবাদীক খাদ্য, বাসস্থান আৰু লজিষ্টিক সহায় আগবঢ়াইছিল, যিয়ে ২২ এপ্ৰিলত ধৰ্মীয় পৰিচয়ৰ ভিত্তিত পৰ্যটকক নিৰ্বাচিতভাৱে হত্যা কৰিছিল। এনআইএই দুয়োকে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ৰ ১৯ নং ধাৰাত গ্ৰেপ্তাৰ কৰিছে। অধিক তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
