
গোলাঘাট, ১৩ নৱেম্বৰ (হি.স.): নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৬ সংখ্যক কেন্দ্ৰীয় অধিবেশনখনি মেৰাপানীৰ জয়পুখুৰী হিৰিম্বা নগৰত আয়োজন কৰা হৈছে। মহা ধুমধামেৰে অহা ৯, ১০ আৰু ১১ ফ্ৰেব্ৰুৱাৰী ২০২৪ ত অনুষ্ঠিত হ’ব লগা কেন্দ্ৰীয় অধিৱেশনখনিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে অভ্যৰ্থনা সমিতিয়ে। এবছুৰ কেন্দ্ৰীয় অধিৱেশনখনিৰ লগত সংগতি ৰাখি দেওবাৰ আবেলি অভ্যৰ্থনা সমিতিৰ কাৰ্যালয়ৰ শুভ উন্মোচন কৰা হয়।
এই অনুষ্ঠানত উপস্থিত থাকে বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী তথা অভ্যৰ্থনা সমিতিৰ সভাপতি ৰমিঅ’ পি নাৰ্জাৰীৰ লগতে বিকেডব্লিউএচিৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, ইউবিপিওৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা অভ্যৰ্থনাৰ সমিতিৰ উপ সভাপতি পিতাম্বৰ ব্ৰহ্ম, সমাজকৰ্মী পোনা বৰা, নিৰঞ্জন সন্দিকৈ, সোনোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু সোণেৱাল, দৈয়াং জিলা পৰিষদৰ সদস্য অৰুণ ৰাজবংশী, গমাৰিগুৰি আঞ্চলিক পঞ্চায়তৰ সভাপতি কেশৱ শইকীয়া, এবছুৰ জিলা সভাপতি সঞ্জয় ব্ৰহ্মকে ধৰি বিশিষ্ট ব্যক্তি সকল। অভ্যৰ্থনা সমিতিৰ কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে অভ্যথনা সমিতিৰ উপদেষ্টা সকলে।
উল্লেখ্য যে কোটি টকাৰ ব্যয় সাপেক্ষে অনুষ্ঠিত হ’ব লগা নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনখনিত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষামন্ত্ৰী ৰনোজ পেগু, বিত্ত মন্ত্ৰী অজৰ্না নেওগ, বিটিআৰ চীফ প্ৰমোদ বড়োৰ লগতে কেইবাখনো দেশৰ প্ৰতিনিধি সকল উপস্থিত থাকিব। অধিবেশনৰ এই কাৰ্যসূচীত জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
