ডিব্ৰুগড়, ২১ ডিচেম্বৰ (হি.স.)। ডিব্ৰুগড় জিলাৰ নামৰূপৰ এম’নিয়া আৰু ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্রধানমন্ত্ৰী মোদীয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে গুৱাহাটীত উপস্থিত হৈ গুৱাহাটীৰ বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আজি ডিব্ৰুগড়লৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীয়ে দেওবাৰে নামৰূপত প্ৰধানমন্ত্ৰী মোদীয়ে অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এম’নিয়া আৰু ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি কয় যে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে অসমৰ সপোন সফল কৰিছে, নামৰূপৰ প্ৰকল্পই সংস্থাপনৰ নতুন বাট মুকলি কৰিব।
প্ৰায় ১০,৬০০ কোটি টকাৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে প্রধানমন্ত্ৰী মোদীয়ে। নামৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্ভাষণ জনায় প্রধানমন্ত্ৰী মোদীক। প্ৰধানমন্ত্ৰী মোদীয়ে আধাৰশিলা স্থাপন কৰা প্ৰকল্পটোত এম’নিয়া আৰু ইউৰিয়া উৎপাদন হ’ব। বছৰি ১২লাখ মেট্ৰিকটন সাৰ উৎপাদন হ’ব। এদিনত ২,২০০ টন এম’নিয়া, ৩,৮৫০ টন ইউৰিয়া উৎপাদন হ’ব। ২০৩০ চনৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ হ’ব।
নামৰূপৰ হাপজান পথাৰত বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। অসমীয়াতে ভাষণ আৰম্ভ কৰে প্রধানমন্ত্ৰী মোদীয়ে। উজনিৰ ৰাইজ কেনে আছে বুলি কৈ ভাষণ আৰম্ভ কৰে প্রধানমন্ত্ৰীয়ে। অসমবাসীক প্ৰধানমন্ত্ৰীয়ে যাচিলে মৰম। চ্যুকাফাৰ পৰা সতী সাধনীলৈ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভীমবৰ দেউৰী, ইন্দিৰা মিৰি, সৰ্বানন্দ সিংহকো স্মৰণ কৰে মোদীয়ে। লাচিত বৰফুকন, কুশল কোঁৱৰকো মোদীয়ে যাচে শ্ৰদ্ধাঞ্জলি।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘নামৰূপৰ দীৰ্ঘদিনীয়া সপোন আজি পূৰণ হ’ল। আজি সকলোৰে মুখে মুখে অসমৰ বিকাশৰ কথা। এয়া মাত্ৰ আৰম্ভণি, অসমক বহু আগুৱাই নিব লাগিব। আহোম ৰাজ্যৰ দৰে শক্তিশালী হ’ব বিকশিত অসম। এই সাৰ কাৰখানাটো অসমৰ কৃষকৰ নামত সমৰ্পণ কৰিলোঁ। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে অসমৰ সপোন সফল কৰিছে। নামৰূপৰ প্ৰকল্পই সংস্থাপনৰ নতুন বাট মুকলি কৰিব। প্ৰকল্পটোৱে অসমৰ কৃষকৰ সাৰৰ চাহিদা পূৰণ কৰিব।’’
প্রধানমন্ত্ৰীগৰাকীয়ে ভাষণত কয়, ‘‘কিন্তু প্ৰশ্ন হৈছে বিজেপিয়েহে কিয় এই কাম কৰিবলগীয়া হ’ল ? নামৰূপে বহু দশক ধৰি উত্তৰ-পূবত সাৰ যোগান ধৰিছিল। প্ৰকল্পটো কংগ্ৰেছৰ দিনত ধ্বংসৰ মুখলৈ গতি কৰিলে। সাৰ কাৰখানাটোৰ সমস্যা কংগ্ৰেছে সমাধান নকৰিলে। কংগ্ৰেছে নকৰা কামবোৰ বিজেপিয়ে কৰি আছে। কংগ্ৰেছে অনা শূন্যতা বিজেপিয়ে পূৰণ কৰিব। আমি কৃষকক সহায় কৰিম, আমাকো সহযোগ কৰিব লাগিব। আমি আমাৰ মাতৃভূমিক ৰক্ষা কৰিব লাগিব।
কেৱল ইউৰিয়া দিয়াৰ নামত মাতৃভূমিক মাৰিব নোৱাৰোঁ। কৃষক সন্মান নিধিত আমি ৪ লাখ কোটি টকা দিছোঁ। ৩৫ হাজাৰ কোটি টকাৰে আৰু দুখন আঁচনি লোৱা হৈছে। কৃষকক শস্যৰ উচিত দাম দিয়াৰ ব্যৱস্থা কৰা হৈছে। কেচিচিৰ সৈতে মীন পালক আৰু পশু পালককো সংযুক্ত কৰা হৈছে। কেচিচিৰ অধীনত কৃষকক ১০লাখ কোটি টকাৰ ঋণ দিয়া হৈছে। অসমে ভাৰতৰ নতুন দিক নিৰ্ণয় কৰিব পাৰে। অসমৰ কৃষকে ভাৰতৰ কৃষকক বাট দেখুৱাব পাৰে।’’
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘‘আমাৰ দিনত ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। আগতে গাঁৱৰ দুখীয়া লোকৰ এখন চাইকেলো নাছিল। ১০টাৰ ভিতৰত এটা ঘৰতো চাইকেল নাছিল। এতিয়া গাঁৱৰ আধা লোকৰ ঘৰতে বাইক বা গাড়ী আছে। আমি অসমীয়াৰ পৰিচয়ক সদায় অগ্ৰাধিকাৰ দিছোঁ। মই অসমৰ গামোচাক বিশ্বত চিনাকি কৰাই দিছোঁ। মই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক অসমৰ চাহ উপহাৰ দিছোঁ। আমি অসমৰ বাবে কাম কৰিলে কংগ্ৰেছে ভাল নাপায়। ভূপেনদাক ভাৰত ৰত্ন দিওঁতে কংগ্ৰেছে সমালোচনা কৰিছিল। এয়া ভূপেনদাক অপমান, অসমক অপমান।
আমি অসমক ছেমিকণ্ডাক্টৰ প্ৰকল্প দিছোঁ। কিন্তু কংগ্ৰেছে আমাক নিন্দা কৰিছে। কংগ্ৰেছ নিজৰ ভোট বেংকক লৈ ব্যস্ত। সেয়ে কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰে। কংগ্ৰেছে এছ আৰৰ বিৰোধিতা কৰে।’’ ‘আমি অসমক বচাই ৰাখিব লাগিব’ বুলি বিশেষভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘‘উত্তৰ-পূব ভাৰতৰ বিকাশৰ ইঞ্জিন হ’ব। নামৰূপৰ নতুন প্ৰকল্প ইয়াৰ প্ৰমাণ। উত্তৰ-পূব আত্মনিৰ্ভৰ ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰ হ’ব।’’ তেওঁ লগতে কয় যে এই সাৰ কাৰখানাটো অসমৰ কৃষকৰ নামত সমৰ্পণ কৰিলো।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
