– বৈদেশিক মন্ত্ৰী গিডিয়ান ছায়াৰে কয়, উগ্ৰ সন্ত্ৰাসবাদে ইজৰাইল আৰু ভাৰতৰ বাবে পাৰস্পৰিক ভাবুকি কঢ়িয়াই আনিছে
নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। বৰ্তমান ভাৰত ভ্ৰমণ কৰি আছে ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰ। আজি তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। দুয়োজন নেতাই সন্ত্ৰাসবাদক এক সমূহীয়া প্ৰত্যাহ্বান হিচাপে স্বীকাৰ কৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে গাজা শান্তি পৰিকল্পনাৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰবাৰ উল্লেখ কৰি অহা বছৰৰ ফেব্ৰুৱাৰী মাহত ভাৰতত অনুষ্ঠিত হ’বলগীয়া এআই ইমপেক্ট ছামিটৰ কথা উল্লেখ কৰি কয় যে তেওঁলোকে ইজৰাইলৰ উপস্থিতিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।
ইজৰাইলৰ বৈদেশিক মন্ত্ৰীৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। তেওঁৰ সৈতে হোৱা আলোচনাৰ সময়ত মুকলি ভাষণত বৈদেশিক মন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আৰু ইজৰাইলৰ মাজত এক কৌশলগত অংশীদাৰিত্ব আছে আৰু উচ্চ পৰ্যায়ৰ আস্থা আৰু বিশ্বাসযোগ্যতাৰ ওপৰত ভিত্তি কৰি সম্পৰ্ক গঢ়ি তুলিছে। তেওঁ উল্লেখ কৰে যে দুয়োটা ৰাষ্ট্ৰই সন্ত্ৰাসবাদৰ পৰা এক বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গতিকে সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ প্ৰতি শূন্য সহনশীলতাৰ বিশ্বব্যাপী দৃষ্টিভংগী নিশ্চিত কৰাৰ দিশত আমি কাম কৰাটো অতি প্ৰয়োজনীয়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে উল্লেখ কৰে যে ভাৰতে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। পণবন্দী আৰু দুৰ্ভাগ্যজনকভাৱে প্ৰাণ হেৰুৱা লোকসকলৰ মৰ্ত্যৰ অৱশিষ্ট ঘূৰি অহাক তেওঁ আদৰণি জনায়। তেওঁ লগতে পুনৰ কয় যে ভাৰতে গাজা শান্তি পৰিকল্পনাক সমৰ্থন কৰে আৰু ইয়াৰ দ্বাৰা স্থায়ী আৰু বহনক্ষম সমাধানৰ পথ প্ৰশস্ত হ’ব বুলি আশা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে দেশত উপলব্ধ বিনিয়োগৰ সুযোগসমূহৰ কথা উল্লেখ কৰি কয় যে ভাৰতে বিশেষকৈ ৰে’ল, পথ, আৰু বন্দৰৰ আন্তঃগাঁথনি, নবীকৰণযোগ্য শক্তি, আৰু স্বাস্থ্যৰ ক্ষেত্ৰত নতুন সামৰ্থ্য বিকাশ কৰিছে। আমাৰ ব্যৱসায়ীসকলে ইজৰাইলত সুযোগ বিচাৰিবলৈ অতি আগ্ৰহী, আৰু আমি নিশ্চিতভাৱে ইয়াৰ প্ৰতি অধিক মনোযোগ দিব বিচাৰিম।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে হোৱা বৈঠকত ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাআৰে কয় যে, মই বিশ্বাস কৰোঁ যে আঞ্চলিক অংশীদাৰিত্বৰ ভৱিষ্যত উজ্জ্বল। আমি দক্ষিণ এছিয়া, পশ্চিম এছিয়া আৰু ইউৰোপৰ মাজত সংযোগক প্ৰসাৰিত কৰিব বিচাৰো। তেওঁ উল্লেখ কৰে যে উগ্ৰ সন্ত্ৰাসবাদে ইজৰাইল আৰু ভাৰতৰ বাবে পাৰস্পৰিক ভাবুকি কঢ়িয়াই আনিছে। পহলগামত সংঘটিত হোৱা ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছো। ইজৰাইলৰ সন্মুখীন হৈছে এক অনন্য পৰিস্থিতি, যাক মই সন্ত্ৰাসবাদী ৰাষ্ট্ৰ বুলি কওঁ। গাজাত হামাছ, লেবাননৰ হিজবুল্লাহ, য়েমেনৰ হাউথীৰ দৰে উগ্ৰ সন্ত্ৰাসবাদী ৰাষ্ট্ৰই বিগত দশকবোৰত নিজকে প্ৰতিষ্ঠা কৰি আহিছে। আমাৰ অঞ্চলৰ নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবে তেওঁলোকৰ উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। হামাছ সন্ত্ৰাসবাদী ৰাষ্ট্ৰ নিৰ্মূল কৰাটো ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই পৰিকল্পনাৰ মূল। হামাছক নিৰস্ত্ৰ কৰিব লাগিব, আৰু গাজাক নিৰস্ত্ৰ কৰিব লাগিব। এই ক্ষেত্ৰত আমি আপোচ নকৰো।
हिन्दुस्थान समाचार / অৰৱিন্দ
