মুম্বাই, ২১ অক্টোবৰ (হি.স.)। কাষৰীয়া নৱী মুম্বাইত মঙলবাৰে পুৱা সংঘটিত হোৱা দুটা পৃথক অগ্নিকাণ্ডত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ জন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয়। আহত আটাইকেইজনক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুয়োটা ঘটনাতে অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জনোৱা মতে, আজি পুৱা নৱী মুম্বাইৰ ৰাহেজা ৰেচিডেন্সি হাউছিং ছ’চাইটিত হঠাৎ সংঘটিত অগ্নিকাণ্ডত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ১০ জন লোক অগ্নিদগ হয়। নিহতসকলৰ ভিতৰত এগৰাকী ছবছৰীয়া কিশোৰীও আছে। নিহত দুজন হৈছে বেদিকা সুন্দৰ বালকৃষ্ণন (৬), কমলা হীৰাল জৈন (৮৪), সুন্দৰ বালকৃষ্ণ (৪৪), আৰু পূজা ৰাজন (৩৯)। অগ্নিনিৰ্বাপক বাহিনীৰ দলে যথেষ্ট প্ৰচেষ্টা চলাই নিয়ন্ত্ৰিত হয়।
একেদৰে নৱী মুম্বাইত মঙলবাৰে পুৱা ৩৬ নং ছেক্টৰৰ আম্বে শ্ৰদ্ধা সমবায় সমিতিৰ এটা ঘৰত অগ্নিকাণ্ড সংঘটিত হৈ দুজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজন লোক আহত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে শোৱা কোঠাৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বাশী থানাৰ এটা দলে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। মৃত আৰু আহতসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
