আংকাৰা, ১১ আগষ্ট (হি.স.)। প্ৰচণ্ড ভূমিকম্পই আকৌ এবাৰ কঁপাইছে তুৰস্কৰ ভূমি। দেওবাৰে সন্ধিয়া তুৰস্কৰ উত্তৰ-পশ্চিম প্ৰদেশ বালিকেছিৰত ৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত বহু ধ্বংসলীলা সংঘটিত হয়। বহু মহলীয়া অট্টালিকা ভাঙি বহু সংখ্যক লোক আহত হৈছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।
টাৰ্কি টুডেৰ তথ্য অনুসৰি দেওবাৰে সন্ধিয়া ০৭.৫৩ বজাত (স্থানীয় সময় অনুসৰি) সংঘটিত হোৱা ভূমিকম্পৰ কেন্দ্ৰবিন্দু ছিণ্ডিৰ্গি চহৰত ভূপৃষ্ঠৰ পৰা পৰা ১১ কিলোমিটাৰ গভীৰতাত আছিল আৰু ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.১ বুলি জুখিছিল। তুৰস্কৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মতে ইয়াৰ কম্পন ইস্তানবুললৈকে অনুভৱ কৰা হৈছিল। নাগৰিকসকলক ক্ষতিগ্ৰস্ত অট্টালিকাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।
গৃহমন্ত্ৰী আলী য়েৰলিকায়াই কয় যে ভূমিকম্পৰ পিছত জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষৰ দল আৰু আনুষংগিক সংস্থাসমূহে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰু এতিয়ালৈকে কোনো বৃহৎ ক্ষতি হোৱা নাই।
মন কৰিবলগীয়া যে ২০২৩ চনত তুৰস্কত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত ৫৩ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছিল। ভূমিকম্পৰ ফলত দক্ষিণ আৰু দক্ষিণ-পূবৰ ১১খন প্ৰদেশৰ বৃহৎ সংখ্যক অট্টালিকা ধ্বংস হয়। কেইবাদিনো ধৰি চলি থকা এই ভয়াৱহ ভূমিকম্পৰ কম্পনে চুবুৰীয়া দেশ ছিৰিয়াতো প্ৰভাৱ পেলাইছিল, য’ত ছয় হাজাৰ লোকৰ মৃত্যু হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
