দেওঘৰ, ২৯ জুলাই (হি.স.)। ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ মোহনপুৰ ব্লকৰ যমুনিয়াৰ সমীপত মঙলবাৰে পুৱা কাৱাৰিয়া ভৰ্তি বাছ আৰু গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ মাজত সংঘটিত হোৱা ভয়ংকৰ সংঘৰ্ষত ৫জন ভক্তৰ মৃত্যু হয়। এই দুৰ্ঘটনাত ১২ জনতকৈ অধিক লোক আহত, ইয়াৰে ৪ জনৰ অৱস্থা গুৰুতৰ। আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
ডি আই জি অম্বৰ লাক্ৰাই জনোৱা মতে, এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২ জনতকৈ অধিক লোক আহত হৈছে। দুৰ্ঘটনাটোৰ সৈতে সাক্ষাৎ হোৱা বাছখনে ভক্তক লৈ বাবা নগৰীৰ পৰা বাসুকিনাথলৈ গৈ আছিল।
স্থানীয় ৰাইজৰ মতে, এই দুৰ্ঘটনাত বাছ চালকজনৰো মৃত্যু হয়। তেওঁক মোহনপুৰৰ নিবাসী সুভাষ তুৰি বুলি চিনাক্ত কৰা হৈছে। দুয়োখন বাহনৰ সংঘৰ্ষ ইমানেই ভয়াৱহ যে বাছখনৰ এটা অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।
ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে আৰক্ষী আৰু এন ডি আৰ এফৰ দল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। মৃত আৰু আহতসকলক দেওঘৰ সদৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। বৰ্তমান এই ঘটনাৰ আঁৰৰ কাৰণৰ তদন্ত চলি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
