
– মেজৰে টাৱেল, কটাৰী আৰু চুলিৰ ক্লিপৰ সহায়ত জৰুৰীকালীন প্ৰসৱ কৰোৱাইছিল
নতুন দিল্লী, ০৭ জুলাই (হি.স.)। সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে সোমবাৰে সামৰিক চিকিৎসা বিষয়া মেজৰ বাচৱালা ৰোহিতক ব্যতিক্ৰমী পেছাদাৰী দক্ষতা আৰু কৰ্তব্যৰ বাহিৰত নিস্বাৰ্থ দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ বাবে প্ৰশংসা কৰে। ছুটীত ঘৰলৈ যোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ ঝাঁচী ৰে’ল ষ্টেচনত প্ৰসৱ বেদনাত ছটফটাই থকা এগৰাকী মহিলাক সন্তান প্ৰসৱ কৰাত সহায় কৰাৰ বাবেই তেওঁ মেজৰক সন্মান জনায়। পিছত মাতৃ আৰু নৱজাতকক চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
দৰাচলতে পানভেল-গোৰখপুৰ এক্সপ্ৰেছত স্বামী আৰু সন্তানৰ সৈতে যাত্ৰা কৰা এগৰাকী মহিলাই অসময় প্ৰসৱ বেদনাত ভুগিছিল। স্বামীয়ে ৰে’ল মদদ এপৰ জৰিয়তে ৰে’ল বিভাগৰ বিষয়াৰ সৈতে যোগাযোগ কৰে, তাৰ পিছত ৰে’লখন ঝান্সী পাওঁতে মহিলাগৰাকীক ৰে’লৰ পৰা নমাই অনা হয়। এগৰাকী মহিলা ট্ৰেভেল টিকট পৰীক্ষকে (টিটিই) তেওঁক চিকিৎসাৰ বাবে হুইল চেয়াৰত উঠাই লৈ গৈ আছিল, তেতিয়া হঠাতে প্ৰসৱৰ তীব্ৰ বিষত চিঞৰিবলৈ ধৰিলে আৰু হুইল চেয়াৰৰ পৰা তললৈ পৰি যায়। একে সময়তে নিজ নিজ ৰে’লখনৰ বাবে অপেক্ষা কৰি থকা আন যাত্ৰীসকলে হুলস্থুল দেখি সহায়ৰ বাবে লৰালৰিকৈ ওলাই আহিল।
একে সময়তে ঝান্সী মিলিটাৰী হস্পিতালত নিযুক্ত মেডিকেল অফিচাৰ মেজৰ বাচৱালা ৰোহিতে ৫ জুলাইত ছুটীত গৃহ চহৰ হায়দৰাবাদলৈ যাবলৈ ঝান্সী ৰেলৱে ষ্টেচনত ৰে’ল এখনৰ বাবে অপেক্ষা কৰি আছিল। হূলুস্থুল দেখি তেওঁ আগবাঢ়ি আহি মহিলাগৰাকীৰ প্ৰসৱ বেদনাৰ বিষয়ে অৱগত হয়। তেতিয়া মেজৰ বাচৱালা ৰোহিতে মহিলাগৰাকীক ক’লে যে আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। মই এজন মেডিকেল অফিচাৰ আৰু আপোনাৰ বা কেঁচুৱাটোৰ একো নহ’ব। সেই সময়ত মহিলাগৰাকীক আন ঠাইলৈ নিব পৰা অৱস্থাত নাছিল, সেয়েহে একে ঠাইতে সন্তানটো প্ৰসৱ কৰাৰ পৰিকল্পনা কৰা হৈছিল। ইয়াৰ পিছত মেজৰজনে কিছুমান সামগ্ৰী বিচাৰি টাৱেল, কটাৰী আৰু চুলিৰ ক্লিপকে ধৰি তাতক্ষণিক সামগ্ৰী ব্যৱহাৰ কৰি জৰুৰীকালীন পৰিস্থিতিত ৰেলৱে প্লেটফৰ্মতে কেঁচুৱাটোক প্ৰসৱ কৰোৱায়।
মেজৰ বাচৱালা ৰোহিতে কয় যে জন্ম প্ৰক্ৰিয়া নিৰাপদে সম্পূৰ্ণ হোৱাৰ পিছত নৱজাতকটোৱে কোনো সঁহাৰি নিদিলে, কিন্তু মোৰ চিকিৎসা অভিজ্ঞতাৰে মই তেওঁক পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰিলোঁ আৰু তাৰ পিছত তেওঁও সঁহাৰি দিলে। যেতিয়া শিশুটিয়ে কান্দিবলৈ ধৰিলে, সকলো ঈশ্বৰৰ কৃপাত তেতিয়া মই অনুভৱ কৰিলোঁ যে মাক আৰু সন্তানটো একেবাৰে সুস্থিৰ আৰু ভাল । ইয়াৰ মাকৰ প্লেচেণ্টাৰ প্ৰসৱৰ লগত জড়িত জটিলতা আছিল যদিও পকেট ছুৰীৰ সহায়ত মই নাভিৰ ৰছীডাল পৃথক কৰিলোঁ। মই সঁচাকৈয়ে সুখী হৈছিলো যে মাক বৰ সুখী হৈছিল। তেওঁৰ তত্বাৱধানত মাতৃ আৰু নৱজাতক দুয়োটাকে স্বাভাৱিক অৱস্থালৈ অনাৰ লগতে অধিক পৰিচালনাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
সামৰিক সেৱাৰ উচ্চতম মানদণ্ডৰ উদাহৰণ দিয়াৰ বাবে আজি সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে তেওঁক ব্যতিক্ৰমী পেছাদাৰী দক্ষতা আৰু কৰ্তব্যৰ বাহিৰত নিস্বাৰ্থ দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ বাবে প্ৰশংসা কৰে। এক বিবৃতিত সেনাই কয় যে ঝান্সী ৰেলৱে ষ্টেচনত জৰুৰীকালীন পৰিস্থিতিত মেজৰ ৰোহিতৰ তৎকালীন আৰু নিৰ্ণায়ক পদক্ষেপ তেওঁৰ চিকিৎসা দক্ষতা, হেঁচাত পৰা স্থিৰতা আৰু সশস্ত্ৰ বাহিনীৰ নীতি-নিয়মৰ প্ৰতি অটল দায়বদ্ধতাৰ প্ৰমাণ। সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান চাৰ্জন ভাইচ এডমিৰেল আৰতি সৰীনেও মেজৰ বাচৱালাৰ এই তৎকালীন পদক্ষেপক প্ৰশংসা কৰি যুদ্ধক্ষেত্ৰৰ বাহিৰত সেনা চিকিৎসা কৰ্পছৰ সেৱাৰ মনোভাৱৰ উজ্জ্বল উদাহৰণ বুলি অভিহিত কৰে।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
