নতুন দিল্লী, ০৬ ডিছেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জে পি নড্ডাই বুধবাৰে ইয়াত কেনিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড০ উইলিয়াম ৰুটোক সাক্ষাৎ কৰি বিজেপিৰ মতাদৰ্শ, সাংগঠনিক গাঁথনি আৰু দলৰ বিষয়ে অৱগত কৰে। নাড্ডাই টুইটাৰযোগে জনাইছে যে তেওঁ ‘বিজেপিক জনা’ পদক্ষেপৰ অধীনত নতুন দিল্লীত কেনিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে।
এই সময়ত তেওঁক বিজেপিৰ মতাদৰ্শ, সাংগঠনিক গাঁথনি আৰু বিভিন্ন পদক্ষেপৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই সময়ছোৱাত বিজেপি আৰু কেনিয়াৰ শাসকীয় দল ইউডিএৰ মাজত আলোচনা অব্যাহত ৰখাৰ বাবে সন্মতি দিয়া হৈছে। এই সময়ছোৱাত তেওঁ ইউডিএৰ এটা প্ৰতিনিধি দলকো ভাৰতলৈ আমন্ত্ৰণ জনাইছে।
হিন্দুস্থান সমাচাৰ/ বিজয়লক্ষ্মী/মনোজ
