জম্মু, ৩০ জুন (হি.স.)। জম্মু-কাশ্মীৰৰ জম্মু সংমণ্ডলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চেনাব নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ৰিয়াছি জিলাৰ ছালাল বান্ধৰ কেইবাখনো স্পিলৱে গেট মুকলি কৰিছে । অতিৰিক্ত পানী নিৰাপদে নিষ্কাশন কৰাৰ লগতে তলৰ ফালে যিকোনো সম্ভাৱ্য বানপানী ৰোধ কৰিবলৈ গেট মুকলি কৰা হৈছে। কৰ্তৃপক্ষই নিৰ্দেশনা জাৰি কৰি স্থানীয় লোকসকলক নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু সুৰক্ষাৰ সকলো নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে।
ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰৰ কিছু অংশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চেনাব নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে বাগলীহাৰ জলবিদ্যুৎ প্ৰকল্প প্লাৱিত হোৱা বুলি জানিব পৰা গৈছে। ডোডা-কিষ্টৱাৰ-ৰামবন ৰেঞ্জৰ উপ-মহাপৰিদৰ্শক (ডি আই জি) শ্ৰীধৰ পাটিলে পৰিস্থিতি স্বীকাৰ কৰি নদী আৰু উফন্দি উঠা নৈৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। ডি আই জি পাটিলে কয় যে আপোনালোক সকলোৱে নিশ্চয় দেখিছে যে চেনাব নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। সকলো ৰাইজক আহ্বান জনাইছো নদীৰ ওচৰলৈ নাযাব, পানীৰ স্তৰ বহুত বেছি। নিজকে বিপদত পেলাব নালাগে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
