বাক্সা, ৩০ জুন (হি.স.): বাক্সাৰ শালবাৰীৰ বৃহত্তৰ আনন্দ বজাৰ অঞ্চলৰ এটা স্বেচ্ছাসেৱী সংগঠন সমন্বয় মঞ্চৰ উদ্যোগত আৰু ভাৰতবৰ্ষৰ বিশেষভাবে সক্ষম লোকৰ বাবে কাম কৰি অহা বেচৰকাৰী সংস্থা মোবিলিটি ইণ্ডিয়াৰ সহযোগত আনন্দ বজাৰত অনুষ্ঠিত এক কাৰ্যসূচীৰ জৰিয়তে বিশেষভাবে সক্ষম লোকৰ মাজত বিনামূলীয়াকৈ স্বাস্থ্য সম্পৰ্কীয় সামগ্ৰী বিতৰণ কৰা হয়৷
উল্লেখ্য যে কিছুদিন পূৰ্বে সমন্বয় মঞ্চ আনন্দ বজাৰ আৰু শালবাৰী মহকুমা সাংবাদিক সন্থাৰ উদ্যোগত তথা মোবিলিটি ইণ্ডিয়াৰ সহযোগত শালবাৰীৰ আনন্দ বজাৰত বিশেষভাবে সক্ষম লোকৰ বাবে বিনামূলীয়া সহায়ক সঁজুলিৰ পৰীক্ষণ শিবিৰ এটি অনুষ্ঠিত হৈছিল ৷ তাত নিৰ্বাচিত শাৰীৰিকভাবে বিশেষ সক্ষম লোক সকলক সকাহ দিয়াৰ উদ্দেশ্যে আজি স্বেচ্ছাসেৱী সংগঠনটোৱে আনন্দ বজাৰত উপস্থিত হৈ শাৰীৰিকভাবে বিশেষ সক্ষম লোক সকলৰ মাজত হুইল চেয়াৰ, কৃত্ৰিম ভাবে প্ৰস্তুত ভৰি, জোতা, চেণ্ডেল, ষ্টিক আদি বিনামূলীয়াকৈ বিতৰণ কৰা হয়৷
স্বেচ্ছাসেৱী সংগঠন সমন্বয় মঞ্চ আৰু মোবিলিটি ইণ্ডিয়াৰ এনে সমাজহিতৈষী কামৰ বাবে বহুতেই কৰ্মকৰ্তা সকলক ভূয়সী প্ৰশংসা কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
