


সঞ্জীৱ কুমাৰ
ছিণ্ডৱাৰা, ১৪ জুলাই (হি.স.)। মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা জিলাৰ পৰা প্ৰায় ৫৪ কিলোমিটাৰ দূৰত্বত প্ৰকৃতিৰ কোলাত অৱস্থিত তামিয়াৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ে জনজাতীয় শিশুৰ ভৱিষ্যত গঢ় দিছে। অৰ্থাৎ এই বিদ্যালয়ে জনজাতীয় শিশুৰ ৰুক্ষ শিল খোদিত কৰি ‘হীৰা’ বনাইছে। এই বিদ্যালয়খন নৰেন্দ্ৰ মোডী চৰকাৰৰ ‘শিক্ষাৰ জৰিয়তে সবলীকৰণ’ৰ চিন্তাৰ প্ৰমাণ, য’ত বিশেষকৈ জনজাতীয় সমাজৰ ল’ৰা-ছোৱালীয়ে গুণগত শিক্ষা লাভ কৰি আছে।
বিদ্যালয়খনৰ অধ্যক্ষ ৰাকেশ কুশৱাহাই জনোৱা মতে, একলব্য আদৰ্শ আৱাসিক বিদ্যালয়, তামিয়াই ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষা প্ৰদান কৰে। ইয়াত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে থকাৰ ব্যৱস্থা, খাদ্য, স্বাস্থ্য সেৱা, কিতাপ আৰু ষ্টেচনাৰীৰ দৰে সকলো সা-সুবিধা একেবাৰে বিনামূলীয়াকৈ প্ৰদান কৰা হয়। দৰাচলতে তামিয়াৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ে জনজাতীয় শিশুসকলক বিনামূলীয়া শিক্ষা, থকা-খোৱা, খাদ্য আদিৰ সুবিধা প্ৰদান কৰাই নহয়, সকলো ক্ৰীড়া আৰু কলা (চিত্ৰকলা, সংগীত, নাটক)ৰ প্ৰশিক্ষণো দিয়া হৈছে। মুঠতে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে যাতে ইয়াৰ শিশুসকলে আৰামত মূলসুঁতিৰ লগত যোগদান কৰিব পাৰে। একলব্য আদৰ্শ বিদ্যালয়, তামিয়া চাৰিওফালৰ জনজাতীয় অঞ্চলৰ ল’ৰা-ছোৱালীৰ বাবে বৰদানতকৈ কম নহয়। বিশেষ কথাটো হ’ল এইখন বিদ্যালয়ত নামভৰ্তিৰ বাবে যোগ্যতাৰ ভিত্তিত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হয়, যাতে সক্ষম আৰু আশাব্যঞ্জক জনজাতীয় শিশুসকলে সুযোগ লাভ কৰিব পাৰে। এই বিদ্যালয়ৰ উদ্দেশ্য হৈছে জনজাতীয় শিশুসকলক কেৱল শৈক্ষিকভাৱেই নহয় সামাজিক আৰু সাংস্কৃতিক দিশতো সবলীকৰণ কৰা। শেহতীয়াকৈ তামিয়াৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ চাৰিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক জে ই ই মেইনছত নিৰ্বাচিত কৰা হৈছে, যাৰ বাবে বিদ্যালয়খনত সুখৰ পৰিৱেশ বিৰাজ কৰিছে। জে ই ই মেইনছৰ পিছত একলব্য বিদ্যালয়ৰ দলটোৱে এতিয়া জে ই ই এডভান্সৰ বাবে প্ৰস্তুতি চলাইছে।
ৰাকেশ কুশৱাহাই কয় যে জে ই ই এডভান্সত ভাল ৰেংক পাবলৈ হ’লে তিনিওটা বিষয়তে (গণিত, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান) ভাল নম্বৰ লাভ কৰিব লাগিব। জে ই ই মেইনছত নিৰ্বাচিত হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যিক পৰ্যায়ৰ মহাবিদ্যালয়ত নামভৰ্তি লাভ কৰে। এডভান্সত নিৰ্বাচিত হোৱাৰ পিছত আই আই টিৰ দৰে দেশৰ ডাঙৰ ইনষ্টিটিউটত নামভৰ্তিৰ সুযোগ পোৱা যায়। একলব্য বিদ্যালয়ৰ এই সফলতাৰ লগে লগে বিদ্যালয়খনৰ নাম শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে।
তামিয়াত অৱস্থিত একলব্য আদৰ্শ আৱাসিক বিদ্যালয় সমগ্ৰ দেশতে জেইই আৰু নীটৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। শেহতীয়াকৈ এই বিদ্যালয়ৰ পৰা এন ই ই টি পৰীক্ষাত অৱতীৰ্ণ হোৱা ৬৭ জন জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫৭ জন ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰা হৈছে। এই সন্দৰ্ভত ছিণ্ডৱাৰা জনজাতি উন্নয়ন বিভাগৰ সহকাৰী আয়ুক্ত সত্যেন্দ্ৰ সিং মাৰ্কামে কয়, ‘একলব্য বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ দলৰ কঠোৰ পৰিশ্ৰম আৰু উদ্ভাৱনৰ বাবে বিদ্যালয়খনৰ শিশুসকলে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। সঁচাকৈয়ে আমাৰ বাবে এইটো এটা গৌৰৱৰ মুহূৰ্ত, ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ সফলতা আন ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিব।’ একলব্য আদৰ্শ আৱাসিক বিদ্যালয় আঁচনিৰ অধীনত জনজাতীয় শিশুসকলক নিজৰ পৰিবেশত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে গুণগত শিক্ষা প্ৰদান কৰা হৈছে।
মন কৰিবলগীয়া যে জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত উন্নত কৰাৰ বাবে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে সমগ্ৰ দেশতে ৭২৮খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় (ই এম আৰ এছ) স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, যাৰ ফলত প্ৰায় ৩.৫ লাখ জনজাতীয় ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব।
অধ্যক্ষ ৰাকেশ কুশৱাহাই কয় যে একলব্য আদৰ্শ বিদ্যালয় কেৱল জনজাতীয় প্ৰধান অঞ্চলতহে প্ৰতিষ্ঠা হৈছে। বিশেষকৈ যি অঞ্চলত জনজাতিৰ ৫০ শতাংশতকৈ অধিক জনজাতি বা অঞ্চলটোৰ জনজাতিৰ জনসংখ্যা ২০০০০। এই অঞ্চলসমূহত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সহযোগত আদিবাসী শিশুৰ বাবে এই বিদ্যালয়সমূহ চলায়, য’ত তেওঁলোকক বিনামূলীয়াকৈ প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰা হয়। একলব্য আদৰ্শ বিদ্যালয়ৰ উদ্দেশ্য হৈছে জনজাতীয় ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা, যাতে জনজাতীয় শিশুসকলে মূলসুঁতিলৈ যোগদান কৰিব পাৰে।
এই আৱাসিক বিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰীক প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰা হয়, য’ত থকাৰ ব্যৱস্থা, খাদ্য, কিতাপ আৰু ষ্টেচনাৰী, স্কুলৰ সাজ-পোছাক, পৰীক্ষাগাৰ, পুথিভঁৰাল আৰু ক্ৰীড়াৰ সুবিধা আদি অন্তৰ্ভুক্ত। কেৱল এয়াই নহয়, ইয়াত কাৰিকৰী শিক্ষাৰ পৰা আৰম্ভ কৰি স্মাৰ্ট ক্লাছ আৰু এআই ভিত্তিক কম্পিউটাৰ লেবলৈকে সুবিধাও আৰম্ভ হৈছে। জনজাতীয় শিশুৱে যাতে নিজৰ সপোন পূৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অভাৱ অনুভৱ নকৰে তাৰ বাবে চৰকাৰে চেষ্টা চলাইছে। ইয়াত বহু ল’ৰা-ছোৱালীয়ে ডাক্তৰ হৈ নিজৰ দেশবাসী বিশেষকৈ জনজাতীয় সমাজৰ সেৱা কৰিব খোজে। কোনোৱে অভিযন্তা হ’ব বিচাৰে, আন কোনোৱে নিজৰ অঞ্চলৰ কৃষিৰ বাবে গৱেষণা কৰিব বিচাৰে। শিক্ষাৰ ক্ষেত্ৰত এই জনজাতীয় শিশুসকলৰ আত্মবিশ্বাস আৰু উৎসাহ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ ইংগিত দিয়ে। বিদ্যালয়ত জনজাতীয় শিশুসকলক যিদৰে সপোন পূৰণৰ বাবে উৎসাহিত কৰা হৈছে সেয়া এক ভাল আৰম্ভণি।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
