
নতুন দিল্লী, ১৫ নৱেম্বৰ (হি.স.)। জনজাতি গৌৰৱ দিৱস সমাৰোহত অংশগ্ৰহণৰ বাবে শনিবাৰে গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ নৰ্মদা জিলাত ৯,৭০০ কোটি ₹তকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত জনজাতীয় কল্যাণ, আন্তঃগাঁথনি, স্বাস্থ্য আৰু শিক্ষাৰ সৈতে জড়িত প্ৰকল্পসমূহ অন্তৰ্ভুক্ত।
ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিবলৈ গুজৰাট ভ্ৰমণ কৰিব লগা প্ৰধানমন্ত্ৰী মোদীয়ে আজি দিনৰ প্ৰায় ১২:৪৫ বজাত নৰ্মদা জিলাৰ দেৱমোগ্ৰা মন্দিৰত প্ৰাৰ্থনা কৰিব। দুপৰীয়া প্ৰায় ২:৪৫ বজাত তেওঁ দেদিয়াপাড়াত ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব, য’ত তেওঁ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব।
ইয়াৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (পি এম-জনমন) আৰু ধৰিত্ৰী আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান (ডি এ-জাগুয়া)ৰ অধীনত নিৰ্মিত এক লাখ ঘৰৰ গৃহ প্ৰৱেশ অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানত প্ৰায় ১,৯০০ কোটি টকা ব্যয় সাপেক্ষে ৪২ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এটা সক্ষমতা কেন্দ্ৰ (কম্পিটেন্সি চেণ্টাৰ), ইম্ফলত জনজাতীয় সংস্কৃতি ৰক্ষাৰ বাবে এটা জনজাতি গৱেষণা প্ৰতিষ্ঠানৰ ভৱন উদ্বোধন কৰা অন্তৰ্ভূক্ত হৈছে।
গুজৰাটৰ ১৪খন জনজাতীয় জিলাৰ সংযোগ উন্নত কৰাৰ বাবে ২৫০খন বাছৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। তেওঁ ডি এ-জাগুয়াৰ অধীনত জনজাতীয় অঞ্চলত ৭৪৮ কিলোমিটাৰ নতুন পথ আৰু ১৪টা জনজাতীয় বহু বিপণন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। পি এম মোদীয়ে ২,৩২০ কোটি ₹তকৈ অধিক ব্যয় সাপেক্ষে ৫০খন নতুন একলব্য আৰ্হি আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে চুৰাটত নিৰ্মিত বুলেট ট্ৰেইন ষ্টেচন পৰিদৰ্শন কৰি মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰেল কৰিডৰ (এমএএইচএছআৰ)ৰ অগ্ৰগতি পৰ্যালোচনা কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
