নতুন দিল্লী, ২৪ ডিছেম্বৰ (হি.স.)। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে নৱগঠিত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক নিলম্বিত কৰিছে। এই সিদ্ধান্তৰ লগে লগে সঞ্জয় সিঙে ডব্লিউ এফ আইৰ সভাপতি হৈ থাকিব নোৱাৰিব। সভাপতি নিৰ্বাচিত হোৱাৰ পিছত সঞ্জয় সিঙে লোৱা সকলো সিদ্ধান্তও স্থগিত ৰখা হৈছে।
সম্প্রতি সঞ্জয় সিং ডব্লিউ এফ আইৰ সভাপতি নির্বাচিত হৈছিল ৷ তেওঁ ৪০টা ভোট লাভ কৰে। সভাপতি নিৰ্বাচিত হোৱাৰ পিছত সঞ্জয় সিঙে উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাত ১৫ বছৰ অনুৰ্ধ আৰু ২০ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজন কৰাৰ কথা ঘোষণা কৰিছিল। এই সিদ্ধান্তৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে।
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ডব্লিউ এফ আইৰ নৱনিৰ্বাচিত কাৰ্যবাহী সংস্থাটোৱে গ্ৰহণ কৰা সিদ্ধান্তসমূহ সম্পূৰ্ণ নিয়মৰ বিৰোধী আৰু ডব্লিউ এফ আই আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া উন্নয়ন সংহিতাৰ বিধান উলংঘা কৰা। এই সিদ্ধান্তসমূহে নীতিৰ বিৰোধী আৰু স্বচ্ছতাৰ বঞ্চিত নতুন অধ্যক্ষৰ স্বেচ্ছাচাৰীতাক দেখুৱাইছে। ন্যায্য খেলা, স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰিবলৈ নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণ। খেলুৱৈ, অংশীদাৰ আৰু জনসাধাৰণৰ মাজত আস্থা গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ।
সঞ্জয় সিং ডব্লিউ এফ আইৰ নতুন সভাপতি নিৰ্বাচিত হৈছিল। যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত বিজেপি সাংসদ ব্রিজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয় সঞ্জয় সিঙক। নিৰ্বাচনত সঞ্জয় সিঙে সৰ্বাধিক ভোট লাভ কৰিছিল আৰু ইয়াক ৰাষ্ট্ৰীয় ফেডাৰেচনৰ ওপৰত বিদায়ী সভাপতি ব্রিজ ভূষণৰ পৰোক্ষ নিয়ন্ত্ৰণ বুলি বিবেচিত হৈছিল। সঞ্জয় সিং সভাপতি হোৱাৰ পিছত মল্লযুঁজাৰু সাক্ষী মালিকে মল্লযুঁজ এৰি দিয়াৰ কথা ঘোষণা কৰিছিল। তেওঁৰ পিছত বজৰং পুনিয়াই পদ্মশ্ৰী ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছিল।
হিন্দুস্থান সমাচাৰ/বীৰেন্দ্ৰ/মনোজ
