ঢাকা, ৩১ অক্টোবৰ (হি.স.)। বাংলাদেশ নিৰ্বাচন আয়োগে ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনৰ সৈতে দ্বাদশ ৰাষ্ট্ৰীয় সংসদ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছে। কাজী হবিবুল আৱালৰ নেতৃত্বত আয়োগে ১ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰৰ ভিতৰত সময় দিবলৈ ৰাষ্ট্ৰপতিক অনুৰোধ জনাইছে। এই তথ্য বংগ ভৱনৰ উদ্ধৃতি দি সংবাদ মাধ্যমত দিয়া হৈছে।
বংগভৱনৰ মতে, নিৰ্বাচনৰ সময়সূচী ঘোষণা সন্দৰ্ভত ৫ নৱেম্বৰত মুখ্য নিৰ্বাচন আয়ুক্ত কাজী হবিবুল আৱালে ৰাষ্ট্ৰপতি চাহাবুদ্দিনক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কৰি নিৰ্বাচনৰ সময়সূচী চূড়ান্ত কৰাৰ লগতে ৰিটাৰ্ণিং বিষয়া নিযুক্তি দিব পাৰে। ইয়াৰ পিছত কাজী হবিবুল আৱালে বাংলাদেশ টেলিভিছনত দেশবাসীক দিয়া ভাষণত নিৰ্বাচনী কাৰ্যসূচী ঘোষণা কৰিব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
