নতুন দিল্লী, ১৩ আগষ্ট (হি স)। ভাৰতীয় কনষ্টিটিউচন ক্লাব পৰিচালনাত ৰাজীৱ প্ৰতাপ ৰুডীয়ে ২৫ বছৰীয়া আধিপত্য বজাই ৰাখিছে। মঙলবাৰে অনুষ্ঠিত হোৱা কনষ্টিটিউচন ক্লাবৰ সম্পাদক পদৰ নিৰ্বাচনত বিজেপি নেতা ৰাজীৱ প্ৰতাপ ৰুডীয়ে সতীৰ্থ বিজেপি নেতা সঞ্জীৱ বলিয়ানক ১০০ ভোটত পৰাস্ত কৰে। এই নিৰ্বাচন দুয়োৰে মাজত কঠোৰ প্ৰতিদ্বন্দ্বিতা বুলি বিবেচিত হৈছিল। এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিজেপি আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে ভোটদান কৰে, য’ত বিজেপিৰ অমিত শ্বাহ, জে পি নড্ডা, কংগ্ৰেছৰ ছোনিয়া গান্ধীকে ধৰি বিশিষ্ট সদস্যসকলো আছিল। ৰাজীৱ প্ৰতাপ ৰুডীয়ে ৩৯১টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী সঞ্জীৱ বালিয়ানে ২৯১টা ভোট লাভ কৰে।
ক্ৰীড়া সম্পাদক পদৰ বাবে ৰাজীৱ শুক্লা, সাংস্কৃতিক সম্পাদক পদৰ বাবে তিৰুচি শিৱ আৰু কোষাধ্যক্ষ পদৰ বাবে জিতেন্দ্ৰ ৰেড্ডীক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰা হয়। নিৰ্বাচনত জয়ী হোৱাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ সাংসদ ৰাজীৱ প্ৰতাপ ৰুডীয়ে কয় যে ভোটগণনা সম্পূৰ্ণ হোৱাৰ পিছত বুধবাৰে পুৱা ৪ বজাত ফলাফল ঘোষণা কৰা হয়। এই নির্বাচনত মুঠ ১২৯৫টা ভোটদান হয়৷ তেওঁ কয় যে এয়া তেওঁৰ পেনেলৰ জয়। পেনেলত আছিল কংগ্ৰেছ, এছ পি, টিএমচি আৰু নিৰ্দলীয় সাংসদ।
উল্লেখযোগ্য যে ২০ বছৰৰ পাছত সম্পাদক পদৰ নির্বাচন অনুষ্ঠিত হৈছে৷ এই ক্লাবৰ সদস্যৰ সংখ্যা প্ৰায় ১৩০০জন।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
