চেন্নাই, ১৯ জুলাই (হি.স.)। দ্ৰাবিদা মুনেত্ৰ কাঝাগমৰ প্ৰয়াত নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ জ্যেষ্ঠ পুত্ৰ এম কে মুথুৰ শনিবাৰে চেন্নাইত মৃত্যু হয় । তেওঁৰ বয়স আছিল ৭৭ বছৰ।
অসুস্থতাৰ বাবে চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল এম কে মুথু । পুৱা প্ৰায় ৮ বজাত তেওঁৰ মৃত্যু হয়। শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে তেওঁৰ মৃতদেহ এঞ্জামবাক্কামৰ ঘৰত ৰখা হৈছে।
১৯৪৮ চনত কৰুণানিধিৰ প্ৰথম পত্নী পদ্মৱতীৰ ফালৰ সন্তান আছিল এম কে মুথু । ১৯৭০ চনত তেওঁ তামিল চিনেমাত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল। ‘পিল্লাইয়ো পিল্লাই’, ‘সমায়লকাৰণ’, ‘অনাইয়াভিলাক্কু’, ‘এংগেয়ুম মান্নান’ আৰু ‘পূক্কাৰী’ আদি ছবিত অভিনয় কৰাৰ লগতে অভিনয় কৰা চিনেমাসমূহত কিছু গীতো গাইছিল ৷
মুথুৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কয় যে তেওঁ পিতৃ-মাতৃৰ দৰে মৰম দিয়া এজন ভাতৃক হেৰুৱাইছে। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এক শোক বাৰ্তাত তেওঁ কয় যে আজি পুৱা প্ৰিয় জ্যেষ্ঠ ভাই এম.কে. মুথুৰ মৃ্ত্য়ুৰ খবৰে যেন মোক বজ্ৰপাতে খুন্দা মাৰিলে। মা আৰু দেউতাৰ দৰে মৰম দিয়া ভাতৃক হেৰুৱাই মই বৰ দুঃখিত ।
ষ্টেলিনে আৰু লিখিছে যে অভিনয়, সংলাপ প্ৰদান আৰু শৰীৰৰ ভাষাত তেওঁৰ এক অনন্য শৈলী আছে। এই প্ৰতিভা আৰু উৎসাহৰ বাবেই তেওঁ ১৯৭০ চনত চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। তেওঁৰ প্ৰথমখন ছবিতে তেওঁ দুটা চৰিত্ৰত অভিনয় কৰে। পিল্লাইয়ো পিল্লাই, পূক্কাৰী, সময়লকাৰণ আৰু অনৈয়াভিলাক্কু আদি ছবিৰ জৰিয়তে তেওঁ তামিলনাডুৰ দৰ্শকৰ হৃদয়ত স্থায়ীভাৱে থিতাপি লয়। তেওঁৰ এটা বিৰল বিশেষত্ব আছিল যিটো বহু অভিনেতাৰ নাছিল। তেওঁৰ কণ্ঠত সুৰীয়া গীত গোৱাৰ ক্ষমতা আছিল। তেওঁৰ গীতবোৰ এতিয়াও বহুতৰে বাবে অবিস্মৰণীয়। মোৰ প্ৰতি তেওঁ সদায় মৰমিয়াল আছিল। তেওঁ মোক অনবৰতে উৎসাহিত কৰিছিল। মই যেতিয়াই তেওঁৰ ওচৰলৈ গৈছিলো তেতিয়াই তেওঁ পুৰণি স্মৃতিবোৰ মৰমেৰে শ্বেয়াৰ কৰাৰ অভ্যাস কৰি তুলিছিল। ভাই এম.কে. মুথুৱে সদায় মানুহৰ হৃদয়ত নিজৰ মৰমৰ দ্বাৰা, নিজৰ শিল্প আৰু গীতৰ জৰিয়তে জীয়াই থাকিব। তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
