ভুৱনেশ্বৰ, ০৮ ছেপ্টেম্বৰ (হি.স.)। বিজু জনতা দলে অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ পৰা আঁতৰি থাকিব বুলি সোমবাৰে ঘোষণা কৰে। এই সিদ্ধান্ত নিশ্চিত কৰে বিজেডিৰ ৰাজ্যসভাৰ সাংসদ সস্মিত পাত্ৰই।
দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত পাত্ৰই কয় যে, কাইলৈ হ’বলগীয়া উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেডিয়ে ভোটদানৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে। আমাৰ দলে এন ডি এ আৰু ইণ্ডিয়া এলায়েন্স দুয়োটাৰে পৰা সমান দূৰত্ব বজাই ৰাখিছে। আমি ওড়িশা আৰু ইয়াৰ ৪.৫ কোটি জনসাধাৰণৰ উন্নয়ন আৰু কল্যাণৰ ওপৰত মনোনিৱেশ কৰি থাকিম।
উল্লেখযোগ্য যে নবীন পাটনায়ক নেতৃত্বাধীন বিজেডি দল বৰ্তমান ওড়িশাৰ প্ৰধান বিৰোধী দল । ৰাজ্যসভাত ইয়াৰ সাতজন সাংসদ থকাৰ বিপৰীতে লোকসভাত ইয়াৰ কোনো প্ৰতিনিধিত্ব নাই।
हिन्दुस्थान समाचार / অৰৱিন্দ
