
ৰাষ্ট্ৰসংঘই ২০০০ চনৰ ০৮ ছেপ্টেম্বৰ দিনটো ‘আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস’ হিচাপে ঘোষণা কৰে আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে শিক্ষা আৰু সাক্ষৰতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা আৰু নিৰক্ষৰতাৰ বিৰুদ্ধে সজাগতা বিয়পোৱা।
সাক্ষৰতা কেৱল লিখা-পঢ়াৰ ক্ষমতাই নহয়, ই হৈছে এজন ব্যক্তিক আত্মনিৰ্ভৰশীল, সচেতন আৰু শক্তিশালী কৰাৰ চাবিকাঠি। শিক্ষাৰ জৰিয়তে মানুহে কেৱল ব্যক্তিগত বিকাশেই নহয়, সমাজ আৰু জাতিৰ প্ৰগতিত অৰিহণা যোগায়। এই কাৰণেই ৰাষ্ট্ৰসংঘই ইয়াক মানৱ অধিকাৰ, সামাজিক সমতা আৰু অৰ্থনৈতিক উন্নয়নৰ সৈতে সংযোগ কৰিছে।
আজিও বিশ্বৰ বহু ঠাইত কোটি কোটি মানুহ নিৰক্ষৰ। এই পৰিস্থিতিয়ে তেওঁলোকৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পেলোৱাই নহয়, সামাজিক আৰু অৰ্থনৈতিক বৈষম্যও বৃদ্ধি কৰে। আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱসে এনে সকলো বিষয়ৰ প্ৰতি বিশ্বব্যাপী দৃষ্টি আকৰ্ষণ কৰে আৰু শিক্ষা সকলোৰে বাবে সুলভ কৰি তোলাৰ আহ্বান জনায়।
অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা:
১২৭১ – পোপ হিচাপে দ্বাদশ জনক নিৰ্বাচিত কৰা হয়।
১৩২০ – আজিৰ দিনটোতে গাজী মালিক দিল্লীৰ চুলতান হয়।
১৩৩১ – চতুৰ্থ ষ্টেফান উৰছে নিজকে ছাৰ্বিয়াৰ ৰজা ঘোষণা কৰে।
১৪৪৯ – মংগোলিয়াই টুমু দুৰ্গৰ যুদ্ধত চীনৰ সম্ৰাটক পণবন্দী কৰে।
১৫৫৩ – ইংলেণ্ডত লিচফিল্ড চহৰ নিৰ্মাণ কৰা হয়।
১৫৬৩ – মেক্সিমিলিয়ান হাংগেৰীৰ ৰজা নিৰ্বাচিত হয়।
১৬৮৯ – চীন আৰু ৰাছিয়াই নেৰচিনস্ক (নেৰচুল) সন্ধি স্বাক্ষৰ কৰে।
১৯০০ – টেক্সাছৰ গালভেষ্টনত ঘূৰ্ণীবতাহ আৰু জোৱাৰ-ভাটাৰ ধুমুহাত ৬০০০ লোকৰ মৃত্যু হয়।
১৯৪৩ – দ্বিতীয় বিশ্বযুদ্ধত দ্বিতীয় যুদ্ধবিৰতি ঘোষণাৰ পিছত ইটালীয়ে মিত্ৰশক্তিৰ সৈতে বিনাচৰ্ত যুদ্ধবিৰতি স্বাক্ষৰ কৰে।
১৯৫২ – ভাৰতকে ধৰি ৩৫খন দেশে জেনেভাত প্ৰথম কপিৰাইট সম্পৰ্কীয় বিশ্ব সন্মিলনত স্বাক্ষৰ কৰে।
১৯৬২ – ভাৰতৰ পূব সীমান্তত চীনে অনুপ্ৰৱেশ কৰে।
১৯৮৮ – ব্যৱসায়ী বিজয়পত সিংহানিয়াই নিজৰ মাইক্ৰ’ লাইট একক ইঞ্জিন বিমানেৰে লণ্ডনৰ পৰা আহমেদাবাদলৈ যাত্ৰা সম্পূৰ্ণ কৰে।
১৯৯১ – মেচিডোনিয়া ৰিপাব্লিক স্বাধীন হয়।
১৯৯৭ – পেট্ৰিক ৰাফ্টাৰে ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰে।
১৯৯৮ – বাংলাদেশক ২০০১ চনত অনুষ্ঠিত হ’বলগীয়া ত্ৰয়োদশ অসংলগ্ন আন্দোলনৰ আতিথ্যৰ অধিকাৰ প্ৰদান কৰা হয়।
২০০০ – ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰসংঘৰ শান্তি সন্মিলনৰ সময়ত হিন্দী ভাষাত ভাষণ দি পাকিস্তানক তীব্ৰ সমালোচনা কৰে।
২০০২ – নেপালত মাওবাদীয়ে ১১৯ জন আৰক্ষী জোৱানক হত্যা কৰে।
২০০৩ – ইজৰাইলৰ প্ৰধানমন্ত্ৰী এৰিয়েল শ্বেৰন চাৰিদিনীয়া ভাৰত ভ্ৰমণৰ বাবে নতুন দিল্লীত উপস্থিত হয়।
২০০৬ – মহাৰাষ্ট্ৰৰ মালেগাওঁত বোমা বিস্ফোৰণ সংঘটিত হয়, য’ত ৩৭ জন লোক নিহত হয় আৰু ১২৫ জনতকৈ অধিক লোক আহত হয়।
২০০৮ – আমেৰিকান আলোচনী ফৰ্বছে ভাৰতীয় কোটিপতি লক্ষ্মী মিত্তলক ‘লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড’ৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰে।
২০০৮ – উচ্চতম ন্যায়ালয়ে কেনফিনা মিউচুৱেল ফাণ্ড কেলেংকাৰী গোচৰৰ মূল অভিযুক্ত আৰু ষ্টক ব্ৰোকাৰ কেতন পাৰিখ আৰু অন্যান্য অভিযুক্তক জামিন প্ৰদান কৰে।
২০০৯ – ভাৰতে ৰাছিয়াক ১০ কোটি ২০ লাখ ডলাৰ দি বিমানবাহী জাহাজ এডমিৰেল গৰ্ছকোভৰ নতুন অংশ স্থাপন কৰি প্ৰস্তুত কৰে।
জন্ম:
১৮৯৯ – আজিৰ দিনটোতে ৰমন বিশ্বনাথন – সুপৰিচিত ভাৰতীয় চিকিৎসা বিজ্ঞানী।
১৯০৮ – ৰূপ সিং – ভাৰতৰ বিখ্যাত হকী খেলুৱৈ।
১৯১০ – ৰাধাকৃষ্ণ – বিখ্যাত হিন্দী গল্পকাৰ।
১৯২৬ – আজিৰ দিনটোতে ভূপেন হাজৰিকা – ভাৰতৰ এগৰাকী অনন্য শিল্পী, যিয়ে নিজে নিজে গীত লিখিছিল, ৰচনা কৰিছিল আৰু গাইছিল।
১৯৩৩ – আশা ভোছলে – বিখ্যাত প্লেবেক গায়িকা।
১৯৩৬ – ইন্দু জৈন – ‘টাইমছ অৱ ইণ্ডিয়া মিডিয়া গ্ৰুপ’ৰ অধ্যক্ষ।
১৯৪৮ – সতীশ কৌল – হিন্দী আৰু পাঞ্জাবী ছবিৰ সুপৰিচিত অভিনেতা।
১৯৫২ – গিৰিৰাজ সিং – ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ আৰু কেন্দ্ৰীয় মন্ত্ৰী।
২০০২ – ল’ৰী উইলিয়ামছ – ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ।
মৃত্যু:
২০২২ – ৰাণী এলিজাবেথ দ্বিতীয় – ১৯৫২ চনৰ ০৬ ফেব্ৰুৱাৰীৰ পৰা ২০২২ চনত মৃত্যুৰ আগলৈকে যুক্তৰাজ্য আৰু অন্যান্য কমনৱেলথ ৰাজ্যৰ ৰাণী।
২০১৯ – ৰাম জেঠমালানী – ভাৰতৰ বিখ্যাত উকীল আৰু ৰাজনীতিবিদ।
১৯৮২ – শ্বেখ মহম্মদ আব্দুল্লা – জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী।
১৯৬০- ফিৰোজ গান্ধী – স্বাধীনতা সংগ্ৰামী আৰু কংগ্ৰেছ নেতা।
গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু উৎসৱ:
বিশ্ব সাক্ষৰতা দিৱস
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
