কাঠমাণ্ডু, ০৮ ছেপ্টেম্বৰ (হি.স.)। নেপালত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষীৰ গুলীত ১৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ ল’ৰা-ছোৱালী। নেপালৰ সংসদ চৌহদত প্ৰৱেশ কৰে প্ৰতিবাদকাৰী। এই কথা দেখি আৰক্ষীয়ে কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰি পানী ছটিয়াই দিয়ে। কাঠমাণ্ডু প্ৰশাসনে লণ্ড ভণ্ড কৰাসকলক গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ দিছে।
নেপাল চৰকাৰে ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব আদি ২৬টা ছ’চিয়েল মিডিয়া একাউণ্টত নিষেধাজ্ঞা আৰোপ কৰাত ক্ষুব্ধ হৈ পৰা যুৱক-যুৱতীসকলে অহা ৮ ছেপ্টেম্বৰৰ পৰা জেন জি বিপ্লৱৰ নামত প্ৰতিবাদ আৰম্ভ কৰিছে।
যুৱক-যুৱতীসকলে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি সংসদত প্ৰৱেশ কৰে। ইয়াৰ পিছত কাঠমাণ্ডুত ইন্টাৰনেট বন্ধ কৰি সান্ধ্য আইন জাৰি কৰা হয়। স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰাৰ লগতে চলি থকা প্ৰতিবাদ ৰোধ কৰিবলৈ গুলীচালনা কৰাত মৃতকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পায়।
চিকিৎসালয় প্ৰশাসনৰ মুৰব্বী নাৰায়ণ দাহালে জনোৱা মতে, ১০০ৰো অধিক আহত লোকক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ট্ৰমা চেণ্টাৰত ৬ জন, চিভিল চাৰ্ভিচ হাস্পতালত ৩ জন, কে এম চি হাস্পতালত এজন, ত্ৰিভুৱন ইউনিভাৰ্চিটি টিচিং হাস্পতালত এজন আৰু এভাৰেষ্ট হাস্পতালত ৩ জন লোকৰ মৃত্যু হয়। প্ৰকৃততে আঘাতপ্ৰাপ্তৰ সংখ্যা ৫০০ৰো অধিক। এই আন্দোলন অহৰহ হিংসাত্মক হৈ পৰিছে। ডামাকত আৰক্ষীৰ গুলীত আহত হৈছে বহু প্ৰতিবাদকাৰী। আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হিংসাত্মক সংঘৰ্ষও হয়। প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। সংসদ ভৱনৰ ২ নং গেটৰ সমীপত প্ৰতিবাদকাৰীয়ে জুই লগাই দিয়াত জুইৰ শিখা দ্ৰুতগতিত বৃদ্ধি পাইছে। এতিয়াও নিৰ্বাপিত হোৱা নাই জুই। কাঠমাণ্ডুত এই আন্দোলন হিংসাত্মক হৈ পৰাৰ পিছত নেপালী সেনা মোতায়েনৰ নিৰ্দেশ দিয়া হৈছে। নেপাল চৰকাৰে জৰুৰী নিৰাপত্তা বৈঠক আহ্বান কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয়। আৰক্ষীয়ে কাঠমাণ্ডুত নিশা ১০ বজালৈকে জাৰি কৰিছে সান্ধ্য আইন।
हिन्दुस्थान समाचार / অৰৱিন্দ
