উত্তৰকাশী, ২৮ নৱেম্বৰ (হি.স.)। উত্তৰাখণ্ডৰ ছিল্ককাৰা সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰৰ অভিযান মঙলবাৰে ১৭ দিনত প্ৰৱেশ কৰে। বৰ্তমান উত্তৰকাশী সুৰংগৰ ভাঙি পৰা অংশত কৰ্মীক উদ্ধাৰৰ বাবে শ্ৰমিকে হাতেৰে খনন (ৰেট হোল ড্ৰিলিং) কৰি আছে। ইফালে দেওবাৰে বিয়লি পৰা ছিল্কয়াৰাত পাহাৰটোৰ উলম্ব ড্ৰিলিং আৰম্ভ হয় আৰু আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে ইতিমধ্যে ৩০ মিটাৰ দৈৰ্ঘ্যৰ ড্ৰিলিং কৰিছে।
উত্তৰাখণ্ড চৰকাৰৰ মতে ছিল্কয়াৰা সুৰংগত হাতৰে অনুভূমিক খনন আৰম্ভ কৰা হৈছে। আবদ্ধ হৈ থকা মেচিনৰ অংশবোৰ আঁতৰোৱাৰ পিছত নিগনি খনন কৌশল ব্যৱহাৰ কৰি ক্ষতিগ্ৰস্ত আৰু ১.৯ মিটাৰ কটা পাইপলাইনটো ০.২২ মিটাৰ, ০.৫ মিটাৰ, ০.২ মিটাৰ (মুঠ ০.৯ মিটাৰ) তিনিটা পৰ্যায়ত ঠেলি দিয়া হৈছিল। খনন কৌশলে (মেনুৱেল ড্ৰিলিং) পাইপলাইন ঠেলি দিয়াৰ গতি যোৱা দুঘণ্টাত সলনি হ’ব পাৰে।’- উত্তৰাখণ্ড চৰকাৰৰ সচিব নীৰজ খাইৰৱালে এইদৰে কয়।
আনহাতে হাতেৰে খনন কৰা শ্ৰমিকসকলৰ কামৰ নিৰীক্ষণ অব্যাহত ৰখা লাৰ্চন এণ্ড টাৰ্বোৰ অভিযন্তা ক্ৰীছ কুপাৰে কয় যে, তেওঁলোকে (উদ্ধাৰকাৰীসকলে) এতিয়ালৈকে ৫০ মিটাৰ ওপৰলৈ পাৰ হৈ গৈছে, আৰু পাঁচ-ছয় মিটাৰ খনাৰ পিছতে শ্ৰমিকসকলৰ ওচৰ পামগৈ। আশাকৰোঁ, আজিৰ পিছত আমি কিছু ভাল খবৰ পাব লাগে।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
