-পাকিস্তানত ভূঁইকঁপৰ তীব্ৰতা আছিল ৪.২, চীনত ৫.০ আৰু পাপুয়া নিউগিনিত ৬.৫
ইছলামাবাদ/বেইজিং/প’ৰ্ট ম’ৰছবি, ২৮ নৱেম্বৰ (হি.স.)। ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান আৰু চীনৰ উপৰিও আজি পুৱা (মঙলবাৰ) পাপুয়া নিউগিনিত অনুভূত হোৱা ভূমিকম্পৰ জোকাৰণিত লোকসকল আতংকিত হৈ পৰিছিল। তিনিওখন দেশতে প্ৰবল ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে এই তথ্য দিছে।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি পাপুয়া নিউগিনিৰ উত্তৰ উপকূলত ৬.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভৱ কৰা হৈছে। উপকূলৰ পৰা প্ৰায় ২০ কিলোমিটাৰ (১২ মাইল) দূৰত্বত অৱস্থিত প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ ইষ্ট চেপিক প্ৰদেশৰ ৰাজধানী ৱেৱাক চহৰৰ পৰা কিছু দূৰৈত এই ভূমিকম্প অনুভৱ কৰা হয়।
ইয়াৰ উপৰিও প্ৰবল ভূমিকম্পই পাকিস্তান আৰু চীনকো জোকাৰি যায়। চীনৰ জিজাঙত ৫.০ প্ৰাবল্যৰ ভূমিকম্প আৰু পাকিস্তানত ৪.২ প্ৰাবল্যৰ ভূমিকম্প অনুভৱ কৰা হয়। বৰ্তমান তিনিওখন দেশৰ পৰা কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষয়ক্ষতিৰ কোনো তথ্য পোৱা নাই।
শেহতীয়াকৈ ভাৰতৰ আন এখন চুবুৰীয়া দেশ নেপালত ভূমিকম্পই বিপুল বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। নেপালত কমেও ১৫৭ জন লোকৰ মৃত্যু হয়। ভাৰত চৰকাৰে নেপাললৈ যথেষ্ট সহায় আগবঢ়াইছিল আৰু সাহায্য সামগ্ৰীও প্ৰেৰণ কৰিছিল। ইয়াৰ উপৰিও ভাৰতত বৃহৎ সংখ্যক গুৰুতৰভাৱে আহত লোকৰ চিকিৎসা কৰা হয়।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
