শ্ৰীনগৰ, ১১ ডিছেম্বৰ (হি.স.) নেচনেল কনফাৰেন্স (এনচি)ৰ উপ-সভাপতি ওমৰ আব্দুল্লাই সোমবাৰে কয় যে সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ বিধানসমূহ বাতিল কৰা আবেদনসমূহৰ ওপৰত উচ্চতম ন্যায়ালয়ে লোৱা সিদ্ধান্তত তেওঁ হতাশ যদিও নিৰুৎসাহিত হোৱা নাই।
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিয়ে ৩৭০ অনুচ্ছেদৰ বিধান বাতিল কৰিবলৈ দশক দশক সময় লাগিছিল বুলি উল্লেখ কৰি লগতে কয় যে তেওঁলোকো দীৰ্ঘদিনীয়া যুঁজৰ বাবে সাজু।
পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ অনুচ্ছেদ বাতিলৰ বাবে কেন্দ্ৰৰ ৫ আগষ্ট, ২০১৯ৰ সিদ্ধান্তক সোমবাৰে গৃহীত কৰি উচ্চতম ন্যায়ালয়ে কয় যে অহা বছৰৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত কেন্দ্ৰীয় শাসিত অঞ্চলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা উচিত। লগতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ ৰাজ্যত্ব অতি সোনকালে পুনৰ ঘূৰাই অনাৰ নিৰ্দেশ দিয়ে।
হিন্দুস্থান সমাচাৰ/বলৱান/মনোজ
