ক্ৰিকেট ইতিহাসত মাত্ৰ কেইজনমান খেলুৱৈ আছে যিয়ে এটা অভাৰত ছয়টা ছয় কৰিছে। সেই খেলুৱৈসকলৰ ভিতৰত এজন হৈছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন কিংবদন্তি খেলুৱৈ ছাৰ গেৰী ছ’বাৰ্ছ, যিয়ে ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এটা অভাৰত ছয়টা ছয় কৰে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ এই কৃতিত্ব কৰিছিল। আজিৰ দিনটোত অৰ্থাৎ ১৯৬৮ চনৰ ৩১ আগষ্টত ইংৰাজী কাউন্টি চেম্পিয়নশ্বিপত নটিংহামশ্বাৰৰ হৈ খেলি থকাৰ সময়তে গ্লেমৰ্গানৰ বিৰুদ্ধে এখন মেচত এটা অভাৰত ৬টা ছয় সংগ্ৰহ কৰে কিংবদন্তি খেলুৱৈগৰাকীয়ে। তেওঁৰ অভিলেখ কেতিয়াও পাহৰিব নোৱাৰি। একে সময়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ হাৰ্চেল গিবছে ২০০৭ চনৰ এদিনীয়া বিশ্বকাপত নেদাৰলেণ্ডৰ বিৰুদ্ধে এটা অভাৰত ছয়টা ছয়ৰ প্ৰথম স্থান লাভ কৰিছিল। এই খেলুৱৈসকলৰ বাহিৰেও যুৱৰাজ সিং, কিয়ৰন পোলাৰ্ডকে ধৰি আন বহু বেটছমেনৰ নাম এই তালিকাত সন্নিবিষ্ট কৰা হৈছে।
অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা:
১৮৮১ – আমেৰিকাত প্ৰথমবাৰৰ বাবে টেনিছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়।
১৯২০ – আমেৰিকাৰ ডেট্ৰাইট চহৰত প্ৰথমবাৰৰ বাবে ৰেডিঅ’যোগে বাতৰি সম্প্ৰচাৰ হয়।
১৯৫৬ – ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে ৰাজ্য পুনৰ্গঠন বিধেয়কত অনুমোদন জনায়।
১৯৬২ – কেৰিবিয়ান দেশ টোবাগো আৰু ট্ৰিনিদাদ ব্ৰিটেইনৰ পৰা স্বাধীন হয়।
১৯৯১ – উজবেকিস্তান আৰু কিৰ্গিস্তানে ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা ঘোষণা কৰে।
১৯৯৭ – পেৰিছত গাড়ী দুৰ্ঘটনাত ব্ৰিটেইনৰ ৰাজকুমাৰী তথা ৰাজকুমাৰ চাৰ্লছৰ প্ৰাক্তন পত্নী ডায়েনাৰ মৃত্যু হয়।
২০০৫ – ইৰাকৰ ৰাজধানী বাগদাদত ধৰ্মীয় অনুষ্ঠানত আত্মঘাতী আক্ৰমণৰ আশংকাত ৮১৬ জন লোকৰ মৃত্যু হয়।
২০০৮ – চৰকাৰে অমৰনাথৰ ভূমি বিবাদৰ সমাধান কৰে।
২০০৯ – নতুন দিল্লীত আয়োজিত জনতা দল (ইউনাইটেড)ৰ ৰাষ্ট্ৰীয় পৰিষদৰ সন্মিলনত শাৰদ যাদৱ পুনৰ সৰ্বসন্মতিক্ৰমে দলৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।
২০১৬ – ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ডিলমা ৰুছেফক এই পদৰ পৰা অপসাৰণ কৰা হয়।
জন্ম :
১৯১৯ – অমৃতা প্ৰীতম, বিখ্যাত কবি, ঔপন্যাসিক আৰু ৰচনাকাৰ।
১৯৬২ – পল্লম ৰাজু, এজন বিখ্যাত ৰাজনীতিবিদ।
১৯৬৩ – ঋতুপৰ্ণ ঘোষ – বিখ্যাত বাংলা চলচ্চিত্ৰ নিৰ্মাতা, লেখক আৰু অভিনেতা।
১৯৪০ – শিৱাজী সাৱন্ত – বিখ্যাত মাৰাঠী ভাষাৰ সাহিত্যিক।
১৯৮৪ – ভাৰতীয় চলচ্চিত্ৰ অভিনেতা ৰাজকুমাৰ ৰাও
১৯৬৯ – জাভাগাল শ্ৰীনাথ – প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ।
মৃত্যু :
১৯৯৫ – বীন সিং – পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
২০০২ – ফাৰহাদ মেহৰাদৰ জনপ্ৰিয় ইৰাণী গায়ক, গীতিকাৰ।
২০১৬ – কাশ্মীৰী লাল জাকিৰ – বিখ্যাত উৰ্দু কবি, ঔপন্যাসিক পদ্মশ্ৰী বঁটা।
২০২০ – প্ৰণৱ মুখাৰ্জী – ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি, যি ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন বিশিষ্ট নেতা আছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
