অট’ৱা, ৩১ জুলাই (হি.স.)। ফ্ৰান্স আৰু ব্ৰিটেইনৰ পিছত কানাডা আৰু মাল্টাইও পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা দিয়াৰ কথা ঘোষণা কৰিছে। ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত কানাডাই পেলেষ্টাইনক আনুষ্ঠানিক স্বীকৃতি দিব।
যোৱা দহ দিনৰ ভিতৰত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে ছেপ্টেম্বৰ মাহত পেলেষ্টাইনক আনুষ্ঠানিক স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰে। পেলেষ্টাইনৰ বিষয়ত ফ্ৰান্স, ব্ৰিটেইন আৰু কানাডাৰ সৈতে জি-৭ৰ তিনিখন গুৰুত্বপূৰ্ণ দেশ একত্ৰিত হৈছে। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে কয় যে কানাডাই ২৩ ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পেলেষ্টাইনক স্বাধীন দেশৰ মৰ্যাদা প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। কিন্তু ইয়াৰ বাবে কিছু চৰ্ত যোগ কৰি কাৰ্নীয়ে কয় যে ২০২৬ চনত পেলেষ্টাইনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব, য’ত হামাছৰ কোনো ভূমিকা নাথাকিব। ২০০৬ চনৰ পৰা তাত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। লগতে অস্ত্ৰমুক্ত পেলেষ্টাইনৰ চৰ্তও সংযোজন কৰা হৈছে।
এই সন্দৰ্ভত পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ সৈতে কথা পাতি কাৰ্নীয়ে এই চৰ্তসমূহৰ কথা উল্লেখ কৰে। কাৰ্নীৰ মতে, পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই চৰ্তসমূহৰ প্ৰতি সন্মতি প্ৰকাশ কৰিছে।
আনহাতে, মাল্টাৰ বৈদেশিক মন্ত্ৰালয়ৰ স্থায়ী সচিব ক্রিষ্টোফাৰ কুটাজাৰে কয় যে তেওঁৰ দেশে ছেপ্টেম্বৰ মাহত পেলেষ্টাইনক আনুষ্ঠানিক স্বীকৃতি দিব ৷
বিশেষ কথাটো হ’ল ব্ৰিটেইন আৰু কানাডাই পেলেষ্টাইনক স্বীকৃতি দিয়াৰ চৰ্ত নিৰ্ধাৰণ কৰিছে। ব্ৰিটেইনে কয় যে যদি ইজৰাইলে হামাছৰ সৈতে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ে তেন্তে ছেপ্টেম্বৰ মাহত পেলেষ্টাইনক স্বীকৃতি দিব। কানাডাই অহা বছৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে অস্ত্ৰমুক্ত পেলেষ্টাইনৰ চৰ্ত নিৰ্ধাৰণ কৰিছে। আনহাতে ফ্ৰান্সে পেলেষ্টাইনক স্বাধীন দেশ হিচাপে স্বীকৃতি দিয়াৰ অভিযান আৰম্ভ কৰি নিঃচৰ্ত সমৰ্থন আগবঢ়াইছে।
পেলেষ্টাইনক স্বাধীন দেশৰ মৰ্যাদা দিয়াৰ এই ঘোষণাৰ তীব্ৰ বিৰোধিতা কৰি আহিছে ইজৰাইলে। কানাডাৰ এই ঘোষণাৰ পিছত ইজৰাইলৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে ইয়াৰ দ্বাৰা গাজাত যুদ্ধবিৰতি আৰু পণবন্দীসকলক মুকলি কৰি দিয়াৰ প্ৰচেষ্টাত বাধা আহিব। ইজৰাইলে ইয়াক ভণ্ডামি আৰু সময়ৰ অপচয় বুলি অভিহিত কৰিছে।
ৰাষ্ট্ৰসংঘৰ ১৪৭খন দেশৰ সমৰ্থন আছে যদিও ৰাষ্ট্ৰসংঘৰ পৰা পৃথক দেশ হিচাপে এতিয়াও স্বীকৃতি লাভ কৰা নাই পেলেষ্টাইন। ৭০ৰ দশকৰ পৰাই পেলেষ্টাইন ৰাষ্ট্ৰসংঘত স্বাধীন দেশ হিচাপে স্বীকৃতি লাভৰ চেষ্টা চলাই আহিছে।
প্ৰায় দুবছৰ ধৰি চলি থকা গাজাত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘাতত এতিয়ালৈকে ৬০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। খাদ্য সংকট আৰু শৰণাৰ্থী শিবিৰত আক্ৰমণৰ ফলত গভীৰ মানৱীয় সংকটৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত ইজৰাইলৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় হেঁচা অহৰহ বৃদ্ধি পাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
