
বাক্সা, ৩১ জুলাই (হি.স.): বাক্সাৰ শালবাৰীৰ এলেঙামাৰীত যোৱাকালি বুধবাৰে বিয়লি এগৰাকী কিশোৰৰ সলিল সমাধি ঘটে। নিজৰ ঘৰৰ পুখৰীত পৰি সলিল সমাধি ঘটে এলেঙামাৰীৰ আব্দুল গফুৰ নামৰ লোকজনৰ ৯ বছৰীয়া কিশোৰ পুত্ৰ ইয়াকুব আলীৰ।
পুখুৰীত বন্ধুৰ লগত গা ঢুবলৈ গৈ সলিল সমাধি হয় কিশোৰজনৰ। ঘটনাস্থলীত বাঁহবাৰী আৰক্ষী উপস্থিত হৈ কালি আবেলি উদ্ধাৰ কৰে কিশোৰজনৰ মৃতদেহ । কিশোৰজনৰ মৃত্যুত অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
