নতুন দিল্লী, ১৭ অক্টোবৰ (হি স)। আজি দিল্লীত প্ৰদান কৰা হ’ব ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। চলিত বৰ্ষৰ ২৪ আগষ্টত ঘোষণা কৰা হৈছিল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। আজি (১৭ অক্টোবৰ) নতুন দিল্লীৰ বিজ্ঞান ভৱনত বিজয়ীসকলক বঁটা প্ৰদান কৰি সম্বৰ্ধনা জনাব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। দিল্লীত উপস্থিত হৈছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী কলা কুশলীসকল।
এই বঁটাসমূহ ভাৰত চৰকাৰে প্ৰতি বছৰে চলচ্চিত্ৰ, সাহিত্য আৰু শিল্পৰ ক্ষেত্ৰত শ্ৰেষ্ঠ আৰু অসাধাৰণ অভিনেতাসকলক প্ৰদান কৰে। দিনৰ ১:৩০ বজাৰ পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠান। ডিডি নেচনেল চেনেল আৰু তেওঁলোকৰ ইউটিউব চেনেলত লাইভ প্ৰচাৰ কৰা হ’ব। এই তথ্য দূৰদৰ্শন নেচনেলৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত দিয়া এটা পোষ্টত দিয়া হৈছে।
এই ইভেণ্টৰ বাবে মুম্বাইৰ পৰা দিল্লীলৈ ৰাওনা হৈছে আলিয়া ভাট, ৰণবীৰ কাপুৰ। ইফালে সোমবাৰে দিল্লীত উপস্থিত হয় অল্লু অৰ্জুন, এছ এছ ৰাজামৌলি আৰু এম এম কীৰাৱনী। আজি তেওঁলোকে ৰাষ্ট্ৰপতিৰ পৰা এই ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰিব।
এইবাৰ বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে ‘গাংগুবাই কঠিয়াৱাড়ী’ৰ বাবে আৰু কৃতি ছাননে ‘মিমি’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। অল্লু অৰ্জুনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। ‘একদা কায় জালা’ ছবিখনৰ বাবে শ্ৰেষ্ঠ মাৰাঠী চলচ্চিত্ৰৰ বঁটা ঘোষণা কৰা হয়। নিখিল মহাজনে ‘গোদাবৰী’ৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। সলিল কুলকাৰ্ণীয়ে পোষ্ট কৰি জনাইছে যে তেওঁ ‘ৱানচ হোৱাট হেপেণ্ড’ৰ বঁটা লাভ কৰিবলৈ দিল্লীলৈ গৈ আছে।
হিন্দুস্থান সমাচাৰ/লোকেশ চন্দ্ৰ/মনোজ/অৰবিন্দ
