নতুন দিল্লী, ১২ নৱেম্বৰ (হি.স.)। চাৰিদিন পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী-এনচিআৰত হোৱা বৰষুণৰ বাবেই ইয়াত বতাহত দ্ৰৱীভূত প্ৰদূষণৰ প্ৰভাৱ বহু পৰিমাণে হ্ৰাস পাইছে। যোৱা ২৪ ঘণ্টাত সামগ্ৰিক বায়ুৰ গুণাগুণ সূচকাংক (একিউআই)ত এনে কোনো উত্থান হোৱা নাই, যাৰ ফলত সংকট গভীৰ হ’ব পাৰে। ইয়াৰ পিছতো ৰাজধানীৰ বায়ুৰ গুণাগুণ ভাল বুলি ক’ব নোৱাৰি। কালিৰ দৰে আজিও ই ‘দুৰ্বল’ শ্ৰেণীত ৰৈ গৈছে।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি আজি পুৱা দিল্লীৰ একিউআই আনন্দ বিহাৰত ২৬৬, আৰ কে পুৰমত ২৪১, পাঞ্জাবী বাগত ২৩৩ আৰু আই টি অ’ত ২২৭ আছিল। কালি পুৱা দিল্লীৰ আনন্দ বিহাৰত ২৮২, আৰ কে পুৰমত ২২০, পাঞ্জাবী বাগত ২৩৬ আৰু আই টি অ’ত ২৬৩ লিপিবদ্ধ কৰা হৈছিল।
এই সকলোবোৰ বৃহস্পতিবাৰে নিশা ভাগত হোৱা বৰষুণৰ প্ৰভাৱ। ইয়াৰ বাবেই মানুহে সকাহৰ হুমুনিয়াহ কাঢ়িছে। অন্যথা আদালতৰ কঠোৰ মন্তব্যত বিৰক্ত হৈ দিল্লী চৰকাৰে কৃত্ৰিম বৰষুণৰ বাবে প্ৰস্তুতি চলাইছিল। কিন্তু ইয়াৰ আগতে প্ৰকৃতিয়ে দায়িত্ব লৈছিল আৰু সকাহ দি উশাহ ল’ব পৰাকৈ বায়ু স্বচ্ছ কৰি তুলিছিল। ব’ৰ্ডে কয় যে আজি এনচিআৰৰ প্ৰধান চহৰসমূহত বায়ুৰ গুণাগুণ ‘মধ্যমীয়া’ শ্ৰেণীত আছে। দেওবাৰে পুৱা দিল্লী-এনচিআৰত বায়ুৰ গুণাগুণ ২৬৩ লৈ নামি আহে। শুকুৰবাৰে আছিল ৩০০।
ইফালে উত্তৰ-পশ্চিম দিশৰ পৰা বৈ অহা বতাহৰ বাবে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাব পাৰে বুলি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে স্পষ্ট কৰি দিছে। গতিকে দীপাৱলীৰ সময়ত অৰ্থাৎ আজিৰ দিনত দিল্লীৰ বায়ুৰ গুণাগুণ হয়তো ‘অতি নিম্ন’ শ্ৰেণীত উপনীত হ’ব পাৰে। পিছদিনা সোমবাৰে বায়ুৰ গুণাগুণ সূচকাংক ৪০০ পইণ্ট অতিক্ৰম কৰিব পাৰে। এই কাৰণে ১৩ আৰু ১৪ নৱেম্বৰতো বায়ুৰ গুণাগুণ ‘গুৰুতৰ’ শ্ৰেণীত থকাৰ সম্ভাৱনা আছে।
এই সকলোবোৰৰ মাজতে দিল্লী-এনচিআৰত বায়ুৰ গুণাগুণ সম্পৰ্কীয় প্ৰতিবেদন সন্দৰ্ভত বিভিন্ন সংস্থাৰ দাবীক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে। সেউজ ন্যায়াধিকৰণে ভূমি পৰ্য্যায়ত ফলাফল সন্তোষজনক নহয় বুলি উল্লেখ কৰিছে। অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ, ন্যায়িক সদস্য সুধিৰ আগৰৱালা আৰু পৰিৱেশ সদস্য এ সেনথিল ভেলৰ বিচাৰপীঠে কয় যে সংস্থাসমূহে নিজৰ কৌশল পুনৰীক্ষণ কৰাটো প্ৰয়োজন। ২০ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ পূৰ্বে বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগ আৰু ব’ৰ্ডক (উত্তৰদাতাসকলক) ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিবলৈ কয় বিচাৰপীঠে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
