নতুন দিল্লী, ১৮ নৱেম্বৰ (হি.স.)। ৰাজস্থান বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত বিজেপিৰ আজি (শনিবাৰে) ৰাজ্যত প্ৰধানমন্ত্ৰীৰ দুখনকৈ বৃহৎ সমাৱেশ অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতপুৰ আৰু নগৌৰত ৰাজহুৱা সভাত ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচী সম্পৰ্কীয় তথ্য বিজেপিৰ অফিচিয়েল এক্স হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে।
বিজেপিৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰা তথ্য অনুসৰি আজি প্ৰথমে ভাৰতপুৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তেওঁ পুৱা ১১:৪৫ বজাত ইয়াৰ এম এছ কে কলেজ খেলপথাৰত বিজয় সংকল্প সভাত ভাষণ দিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীগৰাকী নগৌৰৰ খাৰনাললৈ যাব। বিয়লি ৩:১৫ বজাত খাৰনালৰ বীৰ তেজজী মন্দিৰ দৰ্শন কৰি পূজা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। শেষত বিয়লি ৪.১৫ বজাত নগৌৰ জিলা ক্ৰীড়া খেলপথাৰত বিজয় সংকল্প সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/অৰবিন্দ/মনোজ
