নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেওবাৰে নৱৰাত্ৰিৰ প্ৰথম দিনটোত এটা গৰবা গীত শ্বেয়াৰ কৰে। যোৱা সপ্তাহত তেওঁ এই গীতটো লিখিছিল।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি কয়, ‘‘যেতিয়া শুভ নৱৰাত্ৰি আমাৰ কাষ চাপি আহিছে, যোৱা এসপ্তাহৰ ভিতৰত মোৰ দ্বাৰা লিখা এটা গৰবা শ্বেয়াৰ কৰি আনন্দিত হৈছো। উৎসৱমুখৰ ছন্দত সকলোৱে আনন্দময় হৈ পৰক! এই গৰ্বা গীতটো শ্বেয়াৰ কৰি সুখী হৈছো। এই গীতটিত কণ্ঠ আৰু সংগীত প্ৰদান কৰাৰ বাবে মই মিটব্ৰ’ছ আৰু দিব্যা কুমাৰক ধন্যবাদ যাচিছোঁ ।’’ প্ৰধানমন্ত্ৰীয়ে নিজৰ ইউটিউব চেনেলতো এই গীত ‘মাঢ়ি’ শ্বেয়াৰ কৰিছে।
হিন্দুস্থান সমাচাৰ/অনুপ/মনোজ/অৰবিন্দ
