নতুন দিল্লী, ০৩ ডিছেম্বৰ (হি.স.)। দেশৰ চাৰিখন ৰাজ্য, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু তেলেংগানাত আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। ইয়াৰ লগে লগে এই চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰম্ভিক ধাৰা আহিবলৈ আৰম্ভ কৰিব। দুপৰীয়া ১ বজাৰ ভিতৰত ছবিখন বহু পৰিমাণে স্পষ্ট হোৱাৰ সম্ভাৱনা আছে। যোৱামাহত মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা, মিজোৰামৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই পাঁচখন ৰাজ্যৰ ভোটগণনা ৩ ডিচেম্বৰত হোৱাৰ কথা আছিল যদিও ইয়াৰে মিজোৰামত নিৰ্বাচন আয়োগে ভোটগণনাৰ তাৰিখ সলনি কৰিছে। মিজোৰামত ভোটগণনা ৩ ডিছেম্বৰৰ পৰিৱৰ্তে ৪ ডিছেম্বৰত কৰা হ’ব।
ছত্তীশগড়ত ৯০খন বিধানসভাৰ আসন আছে। ইয়াত অহা ৭ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ কৰা হৈছিল। ছত্তীশগড়ৰ ২০ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ৭ নৱেম্বৰ, দ্বিতীয় পৰ্যায়ত ১৭ নৱেম্বৰত ৭০ খন আসনৰ ভোটগ্ৰহণ কৰা হৈছিল।
ইফালে ২৩০ জনীয়া মধ্য প্ৰদেশ বিধানসভাৰ ১৭ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হৈ যায়। ৰাজস্থানত ২০০খন বিধানসভাৰ আসন আছে যদিও কংগ্ৰেছৰ প্ৰাৰ্থী এগৰাকীৰ মৃত্যুৰ পিছত মাত্ৰ ১৯৯খন আসনত যোৱা ২৫ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হয়। তেলেংগানাত মুঠ ১১৯খন বিধানসভাৰ আসন আছে। ইয়াত ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ইফালে চল্লিশজনীয়া মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৭ নৱেম্বৰত অনুষ্ঠিত হৈছিল।
আজি ভোটগণনা কৰা চাৰি ৰাজ্যৰ ভিতৰত ২০০৩ চনৰ পৰা মধ্যপ্ৰদেশত ভাৰতীয় জনতা পাৰ্টিৰ ক্ষমতা আছে। ২০১৮ চনত চৰকাৰ গঠন কৰাৰ পিছতো কংগ্ৰেছে ক্ষমতা অক্ষুণ্ণ ৰাখিব পৰা নাছিল। বিজেপি পুনৰ ক্ষমতালৈ আহে আৰু চতুৰ্থবাৰৰ বাবে শিৱৰাজ সিং চৌহান মুখ্যমন্ত্ৰী হয়।
১৯৯৮ চনৰ পৰা ৰাজস্থানত পৰ্যায়ক্ৰমে কংগ্ৰেছ আৰু বিজেপি ক্ষমতালৈ আহিছে। এইবাৰ কংগ্ৰেছে পুৰণি পেঞ্চন আৰু ইয়াৰ নিশ্চয়তাৰ ভিত্তিত ক্ষমতা সলনিৰ পৰম্পৰা সলনি হোৱাৰ দাবী কৰিছে। কিন্তু বিজেপিয়ে এই নিয়ম সলনি কৰাৰ আশা কৰিছে। এগজিট প’লত দাবী কৰা হৈছে যে এইবাৰ তেলেংগানাত কংগ্ৰেছে ভাৰত ৰাষ্ট্ৰ সমিতিতকৈ জনসাধাৰণৰ আস্থা অধিক লাভ কৰিছে। আনহাতে এইবাৰ ছত্তীশগড়ত ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ কংগ্ৰেছে হাহাকাৰ কৰিব লগা হৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
