মস্কো, ২১ আগষ্ট (হি.স.)। তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণত ৰাছিয়াত উপস্থিত হোৱা ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে আজি মস্কোত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভক সাক্ষাৎ কৰিব। ইয়াৰ সময়ত দুয়োখন দেশৰ মাজত পাৰস্পৰিক সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হ’ব। ৰাছিয়াৰ তেল ক্ৰয়ৰ সন্দৰ্ভত ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক, ইউক্ৰেইন সংঘাত আৰু পৰিৱৰ্তিত বিশ্ব সমীকৰণৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ ৰাছিয়াৰ সমকক্ষৰ সৈতে হোৱা বৈঠক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে যোৱা ১৯ আগষ্টত তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হৈছে। এদিন পূৰ্বে বুধবাৰে তেওঁ ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগ (আই আৰ আই জি চি-টি ই চি)ৰ ২৬ সংখ্যক অধিৱেশনৰ সহ-সভাপতি আছিল, য’ত বাণিজ্য, অৰ্থনৈতিক, বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু সাংস্কৃতিক সহযোগিতা বৃদ্ধিৰ ওপৰত আলোচনা হৈছিল। তেওঁ ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰভৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত ভাষণ দিয়ে।
উল্লেখযোগ্য যে শেহতীয়াকৈ এন এছ এ অজিত ডোভালৰ ৰাছিয়া ভ্ৰমণৰ পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ জয়শংকৰৰ এই ভ্ৰমণ সংঘটিত হৈছে। ৰাছিয়া ভ্ৰমণৰ সময়ত ড’ভালে ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
