ৰায়পুৰ, ২২ জুন (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২২ আৰু ২৩ জুনত দুদিনীয়া ভ্ৰমণসূচীৰে ছত্তীশগড় লৈ আহি আছে। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি আজি দিনৰ ১.৪৫ বজাত অমিত শ্বাহে ৰায়পুৰত উপস্থিত হ’ব। মানা বিমানবন্দৰৰ পৰা তেওঁ পোনপটীয়াকৈ নভা ৰায়পুৰ অটল নগৰৰ বাঞ্জাৰি ছেক্টৰ-২লৈ যাব, য’ত তেওঁ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৰায়পুৰ চৌহদৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
এই বিশ্ববিদ্যালয়খন গুজৰাটত ভাৰত চৰকাৰে পৰিচালনা কৰি আছে, য’ত ফৰেনছিক বিজ্ঞান, অপৰাধ বিজ্ঞান, অনুসন্ধানমূলক গৱেষণা আৰু ফৰেনছিক মনোবিজ্ঞান আদি বিশেষ ক্ষেত্ৰত শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰা হয়। ইয়াৰ দ্বাৰা ছত্তীশগড়ক বৈজ্ঞানিক অনুসন্ধানৰ ক্ষেত্ৰত যথেষ্ট সুবিধা প্ৰদান কৰিবলৈ গৈ আছে।
ইয়াৰ পিছত নক্সাল অভিযানৰ কৌশল সন্দৰ্ভত ছত্তীশগড় আৰু চুবুৰীয়া ৰাজ্যৰ ডিজিপি আৰু এডিজিপিৰ সৈতে নভা ৰায়পুৰত অমিত শ্বাহে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। এই বৈঠকত মুখ্যমন্ত্রী বিষ্ণুদেৱ ছাইও অংশগ্রহণ কৰিব৷ ৰাজ্য চৰকাৰৰ নতুন কৌশল আৰু আত্মসমৰ্পণ আৰু পুনসংস্হাপন নীতিৰ ওপৰত আলোচনাৰ সম্ভাৱনা আছে।
অমিত শ্বাহে নিশাটো ৰায়পুৰত থাকিব আৰু পিছদিনা ২৩ জুনত বস্তৰৰ নাৰায়ণপুৰ (আবুঝমদ) অঞ্চলৰ নিৰাপত্তা বাহিনী আৰু গাঁওবাসীৰ সৈতে আলোচনা কৰিব। ইয়াৰ পিছত তেওঁ আবেলি ৪:৩০ বজাত দিল্লীলৈ ৰাওনা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
