– মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস,লক্ষ্ণৌলৈ অনা হ’ব পাৰ্থিৱ শৰীৰ
– সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱ আৰু শিৱপাল যাদৱৰ শোক প্ৰকাশ
লক্ষ্ণৌ, ১৫ নৱেম্বৰ (হি.স.)। চাহাৰাৰ মুৰব্বী তথা দেশৰ প্ৰখ্যাত ব্যৱসায়ী সুব্ৰত ৰায় আৰু নাই। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে গভীৰ নিশা মুম্বাইত তেওঁৰ মৃত্যু হয়। বুধবাৰে লক্ষ্ণৌলৈ অনা হ’ব তেওঁৰ মৃতদেহ। য’ত তেওঁৰ শেষ শ্ৰদ্ধাঞ্জলি জনাব।
ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ নিজৰ বাৰ্তাত কৈছে যে চাহাৰা গ্ৰুপৰ মুৰব্বী শ্ৰী সুব্ৰত ৰায়ৰ মৃত্যু অত্যন্ত দুঃখজনক। ভগৱান শ্ৰীৰামৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে বিদেহী আত্মাক তেওঁৰ চৰণত স্থান দিয়ক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপৰিসীম দুঃখ সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।
উল্লেখযোগ্য যে সুব্ৰত ৰায়ক যোৱা ১২ নৱেম্বৰত মুম্বাইৰ ব্যক্তিগত চিকিৎসালয় কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁ চিকিৎসাধীন হৈ আছিল। নিশা ২২.৩০ বজাত শেষ নিশ্বাস লয়। হৃদযন্ত্ৰৰ বিকলতাৰ বাবে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ ৭৫ বছৰ বয়স হৈছিল আৰু তেওঁ ডায়েবেটিছ, বি পিকে ধৰি বহু গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছিল। সুব্ৰত ৰায় উত্তৰ প্ৰদেশৰ আছিল। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
সুব্ৰত ৰায়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে। তেওঁ টুইট কৰি লিখিছে যে ছাহাৰাৰ মুৰব্বী সুব্ৰত ৰায়ৰ মৃত্যু উত্তৰ প্ৰদেশ আৰু দেশৰ বাবে এক আৱেগিক ক্ষতি, কাৰণ এজন অতি সফল ব্যৱসায়ী হোৱাৰ সমান্তৰালকৈ তেওঁ আছিল এজন ডাঙৰ হৃদয়ৰ অতি সংবেদনশীল ব্যক্তি, যিয়ে অগণন মানুহক সহায় কৰিছিল। তেওঁলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি!
ইফালে শিৱপাল যাদৱে টুইটৰ জৰিয়তে সহাৰাশ্ৰী সুব্ৰত ৰায়ৰ মৃত্যুত শোকপ্ৰকাশ কৰে। তেওঁ কয়- ভগৱানে তেওঁৰ আত্মাক শান্তি প্ৰদান কৰক আৰু শোকসন্তপ্ত পৰিয়ালক এই অপৰিসীম ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক। আন্তৰিক শ্ৰদ্ধাঞ্জলি!
হিন্দুস্থান সমাচাৰ/মোহিত/মনোজ/অৰবিন্দ
