নতুন দিল্লী, ১১ ডিছেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি ৰাজ্য ভ্ৰমণ আৰু কেইবাটাও প্ৰকল্প উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনায়।
ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দুয়োগৰাকী নেতাৰ বৈঠকৰ ফটো শ্বেয়াৰ কৰি এই তথ্য প্ৰদান কৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে।
একে সময়তে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা বৈঠকৰ ফটোখন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰাৰ সময়তে কয় যে বৈঠকৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী মোডীক অসমলৈ আহি আধাৰশিলা স্থাপন আৰু বহু প্ৰকল্পৰ উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছে।
মুখ্যমন্ত্ৰীয়ে কামাখ্যা কৰিডৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় উদ্বোধন আৰু শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ বাবেও প্ৰধানমন্ত্ৰী মোডীক আমন্ত্ৰণ জনায়। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীক যোৰহাটত বীৰ লাচিত বৰফুকনৰ ভৱ্য প্ৰতিমূৰ্তি উদ্বোধন কৰিবলৈও অনুৰোধ জনোৱা হয়।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে ২০২৪ চনত অসম ব্যৱসায়িক সন্মিলনৰ আয়োজন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ পৰা পৰামৰ্শ লৈছিল। তেওঁৰ উদ্দেশ্য হৈছে অসম ব্যৱসায় সন্মিলনক ব্যক্তিগত বিনিয়োগক আকৰ্ষণ কৰাৰ লগতে অসমৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ মঞ্চ হিচাপে প্ৰতিষ্ঠা কৰা।
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ/অৰবিন্দ
