অযোধ্যা, ৩০ ডিছেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অযোধ্যাত ১৪৫০ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। বিমানবন্দৰৰ টাৰ্মিনেল ভৱনৰ আয়তন ৬৫০০ বৰ্গমিটাৰ। ইয়াৰ পৰা বছৰি প্ৰায় ১০ লাখ যাত্ৰীয়ে আহ জাহ কৰিব পাৰিব।
টাৰ্মিনেল ভৱনৰ মুখাৱয়বত অযোধ্যাৰ শ্ৰীৰাম মন্দিৰৰ স্থাপত্য প্ৰতিফলিত হৈছে। টাৰ্মিনেল ভৱনৰ ভিতৰভাগ ভগৱান শ্ৰীৰামৰ জীৱনৰ প্ৰেৰণাদায়ক চিত্ৰৰে সজাই তোলা হৈছে। সাতটা স্তম্ভত নিৰ্মিত বিমানবন্দৰটোত সাতটা মুধছ নিৰ্মাণ কৰা হৈছে। এলইডি লাইটিং চিষ্টেম, বৰষুণৰ পানী সংগ্ৰহ, পানী পৰিশোধন প্লাণ্ট, নলা পৰিশোধন প্লাণ্ট, সৌৰশক্তি কেন্দ্ৰ আৰু এনেধৰণৰ আন বহুতো সুবিধা বিমানবন্দৰত প্ৰদান কৰা হৈছে। এই সকলোবোৰ সুবিধা ঘৰৰ ৫ ষ্টাৰ ৰেটিং অনুসৰি হ’ব। এই বিমানবন্দৰটোৱে অযোধ্যাৰ আশে-পাশে থকা অঞ্চলত পৰ্যটন, ব্যৱসায়িক কাৰ্যকলাপ আৰু কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব। বিমানবন্দৰত বিকশিত হৈ থকা সা-সুবিধাসমূহো পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে।
এই উপলক্ষে প্ৰধানমন্ত্ৰীৰ সৈতে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিং, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক আৰু অযোধ্যাৰ সাংসদ লল্লু সিং বিশিষ্টভাৱে উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ/বৃজনন্দন/মনোজ
