চৰাইদেউ, ৩০ ডিচেম্বৰ (হি.স.)। সোণাৰি কাকতিবাৰী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।
তিনিমাহে দৰমহাৰ পৰা বঞ্চিত ডি কে এন্টাৰপ্ৰাইজ কোম্পানীৰ ডিপ্লিং চাহ বাগিছাৰ শ্ৰমিকে চৰাইদেউ আয়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ কৰিবলৈ যাওঁতে কাকতিবাৰী আৰক্ষী থানাৰ সন্মুখতে আৱদ্ধ কৰিলে আৰক্ষীয়ে। ইয়াকে লৈ তীব্ৰ বাক বিতণ্ডাৰো সৃষ্টি হয়। ইয়াৰ পিছতে সহস্ৰাধিক শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। সম্প্ৰতি অধিক আৰক্ষী মোতায়ন কৰা হৈছে সমগ্ৰ অঞ্চলটোত।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
