চিত্ৰদুৰ্গা (কৰ্ণাটক), ২৫ ডিচেম্বৰ (হি.স.)। কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাৰ হিৰিউৰ মহকুমা (তালুক)ৰ গোৰ্লাহাট্টু গাঁৱৰ সমীপত আজি পুৱা এখন ল’ৰীত খুন্দা মৰাৰ ফলত এখন বাছত অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাত ৯ জনতকৈ অধিক যাত্ৰী জীৱিত অৱস্থাত অগ্নিদগ্ধ হয়। অগ্নিকাণ্ডত নষ্ট হৈ পৰে ব্যক্তিগত শ্লীপাৰ কোচ বাছখন।
আৰক্ষীয়ে জনোৱা মতে, বেংগালুৰুৰ পৰা গোকৰ্ণা অভিমুখে গৈ থকা বাছখনত এখন ল’ৰীয়ে মুখামুখিকৈ খুন্দা মৰাৰ ফলত লগে লগে ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। গোৰ্লাহাট্টু গাঁৱৰ সমীপত ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আৰক্ষীয়ে জনাইছে। দুৰ্ঘটনাটোত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে ওচৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত ট্ৰাক চালকজনৰ গাফিলতিৰ তথ্য পোহৰলৈ আহিছে। ঘটনাস্থলীত উপস্থিত হয় চিত্ৰদুৰ্গা আৰক্ষী অধীক্ষক ৰঞ্জিত। তেওঁ কয় যে হিৰিউৰ গ্ৰাম্য থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু দুৰ্ঘটনাৰ কাৰণ জানিবলৈ অধিক তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
