
গুৱাহাটী, ০৪ আগষ্ট (হি.স.)। আজি শাওন মাহৰ তৃতীয়টো সোমবাৰ, আজিও ৰাজ্যৰ মঠ মন্দিৰ সমূহত দেখা গৈছে শিৱ ভক্ত সকলৰ ভিৰ ৷ সমান্তৰাল ভাৱে জম্মু কাশ্মীৰৰ অমৰ নাথ গুহাতো ভিৰ পৰিলক্ষিত হৈছে শিৱ ভক্তৰ ৷ সমূদ্ৰ পৃষ্ঠৰ পৰা ৩৮৮৮ মিটাৰ ওখ শিলাময় পাহাৰৰ গুহাত থকা বৰফৰে আবৃত্ব বাবা বৰফানীৰ আৰ্শীষ ল’বলৈ দেশৰ ভিন্ন প্ৰান্তৰ ভক্ত সকলে ভিৰ কৰা পৰিলক্ষিত হয় ৷
উল্লেখ্য় যে ৩ জুলাইৰ পৰা ৯ আগষ্টলৈ অমৰনাথ বাবাক দৰ্শন কৰিবলৈ অনুমতি দিছিল যদিও পেহেলগামত পৰ্যটকৰ ওপৰত হোৱা হত্যা লীলাৰ বাবে এইবেলি কিছু দিনৰ আগতেই বন্ধ কৰি দিলে পেহেলগাম হৈ অমৰনাথ গুহা যোৱাৰ পথ ৷ কটকটীয়া নিৰাপত্তাৰ মাজত এইবেলি প্ৰায় ৬ লাখ ভক্তই বাবা অমৰনাথৰ দৰ্শন কৰে ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
