নতুন দিল্লী, ২০ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অভিনেতা মোহনলালক সন্মানীয় দাদাছাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। অহা ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনেতাগৰাকীক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয় যে তেওঁৰ এই কৃতিত্বই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে শনিবাৰে এটা এক্স পোষ্টত প্ৰকাশ কৰিছে যে, দাদাচাহেব ফালকে বঁটা বাছনি সমিতিৰ পৰামৰ্শৰ ভিত্তিত ভাৰত চৰকাৰে মোহনলালক ২০২৩ চনৰ সন্মানীয় দাদাছাহেব ফালকে বঁটাৰে সন্মানিত কৰা হ’ব বুলি ঘোষণা কৰি আনন্দিত হৈছে। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে কিংবদন্তি অভিনেতা, পৰিচালক, প্ৰযোজকগৰাকীক সন্মান জনোৱা হৈছে। তেওঁৰ অতুলনীয় প্ৰতিভা, বহুমুখীতা, আৰু অক্লান্ত পৰিশ্ৰমে ভাৰতীয় চলচ্চিত্ৰ ইতিহাসত এক সোণালী মানদণ্ড স্থাপন কৰিছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি অহা ২৩ ছেপ্টেম্বৰত ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অভিনেতাগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক্স-পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, মোহনলাল জী হৈছে উৎকৃষ্টতা আৰু বহুমুখীতাৰ প্ৰতীক। দশক দশক ধৰি চহকী কামৰ সৈতে তেওঁ মালয়ালম চিনেমা আৰু থিয়েটাৰৰ আগশাৰীৰ বিকন হিচাপে পৰিচিত আৰু কেৰেলাৰ সংস্কৃতিৰ প্ৰতি গভীৰভাৱে উৎসৰ্গিত। তেলেগু, তামিল, কানাড়া, আৰু হিন্দী চলচ্চিত্ৰতো তেওঁ উল্লেখযোগ্য অভিনয় কৰিছে। বিভিন্ন মাধ্যমত তেওঁৰ চিনেমা আৰু নাট্যৰ উজ্জ্বলতা সঁচাকৈয়ে প্ৰেৰণাদায়ক। দাদা চাহেব ফাল্কে পুৰস্কাৰৰে সন্মানিত হোৱাৰ বাবে তেওঁলৈ অভিনন্দন। তেওঁৰ এই কৃতিত্বই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি যাওক, এয়াই কামনা।
মন কৰিবলগীয়া যে মোহনলালে মালয়ালম, তামিল, তেলেগু, হিন্দী, আৰু কানাড়া ভাষাৰ ৪০০ৰো অধিক ছবিত অভিনয় কৰিছে। চাৰি দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁৰ কিছুমান জনপ্ৰিয় আৰু সমালোচকৰ প্ৰশংসিত ছবিৰ ভিতৰত থানমাথ্ৰা, দৃশ্যম, বানাপ্ৰস্থম, মুন্থিৰিভেলিকেল থালিৰকুম্বল আৰু পুলিমুৰুগান আদি অন্যতম।
উল্লেখ্য যে যোৱা বছৰ প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
