ইছলামাবাদ (পাকিস্তান), ১৬ ছেপ্টেম্বৰ (হি.স.)। পাকিস্তানৰ বেলুচিস্তানৰ কেচ জিলাত নিৰাপত্তাৰক্ষীক লক্ষ্য় কৰি সংঘটিত কৰা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি)ৰ আক্ৰমণত এজন কেপ্তেইনসহ পাঁচজন জোৱান নিহত হয়। সোমবাৰে সন্ধিয়া সেনাৰ সংবাদ মাধ্যম শাখা আন্তঃসেৱা জনসংযোগ চমুকৈ আই এছ পি আৰ য়ে জনোৱা মতে, বিয়লি কেচৰ শ্বেৰ বাণ্ডিত জোৱানৰ এটা দল আগবাঢ়ি যোৱাৰ ফলত আই ই ডি বিস্ফোৰণ ঘটে। এই বিস্ফোৰণত এজন অধিনায়ককে ধৰি দেশৰ পাঁচজন সাহসী জোৱানে প্ৰাণ হেৰুৱাইছিল।
এই তথ্য দ্য এক্সপ্ৰেছ ট্ৰিবিউন কাকতৰ এক প্ৰতিবেদনত দিয়া হৈছে। প্ৰতিবেদন অনুসৰি ইয়াৰ পিছত নিৰাপত্তা বাহিনীয়ে পাঁচজন সন্ত্ৰাসবাদীক হত্যা কৰে। নিহত জোৱানসকলৰ ভিতৰত আছে ল’ৰালাইৰ ২৫ বছৰীয়া কেপ্তেইন ৱাকাৰ আহমেদ, ডেৰা গাজী খানৰ ৩৫ বছৰীয়া নাইক আছমত উল্লাহ, চুক্কুৰৰ ২৯ বছৰীয়া লেন্স নাইক জুনাইদ আহমেদ, মাৰ্দানৰ ২৯ বছৰীয়া লেন্স নাইক খান মহম্মদ আৰু ২৮ বছৰীয়া চেপয় মহম্মদ জাহূৰ স্বাবি।
আইএছপিআৰে কয় যে আমাৰ সাহসী বিষয়া-জোৱানৰ শ্বহীদ হোৱাটোৱে আমাৰ সংকল্পক আৰু অধিক শক্তিশালী কৰে। ইয়াৰ উপৰিও কয় যে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে “দেশখনৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে ৰাষ্ট্ৰৰ সৈতে খোজ দিবলৈ দৃঢ়প্ৰতিজ্ঞ”।
ইয়াৰ পূৰ্বে ১৩ আৰু ১৪ ছেপ্টেম্বৰত খৈবাৰ-পাখতুনখোৱাত নিৰাপত্তা বাহিনীয়ে ৩১জন সন্ত্ৰাসবাদীক হত্যা কৰিছিল। সেনাৰ সংবাদ শাখাৰ তথ্য অনুসৰি যোৱা ১০ৰ পৰা ১৩ ছেপ্টেম্বৰৰ ভিতৰত খৈবাৰ-পাখতুনখোৱাত তিনিটা পৃথক চোৰাংচোৱা অভিযানত মুঠ ১৯ জন জোৱান নিহত হয়। এই সময়ছোৱাত নিৰাপত্তা বাহিনীয়ে ৪৫ জন সন্ত্ৰাসবাদীক হত্যা কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
